মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত পৰ্যটকৰ আকৰ্ষণৰ বাবে জীপ লাইন (Jeep Line ) আৰু ঘৰিয়াল উদ্যান (Crocodile park) স্থাপন কৰা হ'ব।
মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত পৰ্যটকৰ আকৰ্ষণৰ বাবে জীপ লাইন (Jeep Line ) আৰু ঘৰিয়াল উদ্যান (Crocodile park) স্থাপন কৰা হ'ব।
পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সুখবৰ ৷ পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) ৷ অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা হ'ব দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মানস ৰাষ্ট্ৰীয় উদ্যান ৷
মানস ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বিটিআৰ (BTR)ৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park)কে ধৰি পৰ্যটনক্ষেত্ৰসমূহ মুকলি হ'ব। অৱশ্যে কোভিড১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিহে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় উদ্যানখন ৷ এই কথা জানিবলৈ দিয়ে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে ৷
বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণ কৰি বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে বিটিআৰৰ পৰ্যটন ক্ষেত্ৰসমূহক নতুন ৰূপ দিয়া হ'ব বুলি উল্লেখ কৰি দেশীয় পৰ্যটকসকলে বিটিআৰৰ পৰ্যটনক্ষেত্ৰসমূহক আকৰ্ষণীয় কৰিছে বুলি মন্তব্য প্ৰদান কৰে।
উল্লেখ্য যে কোভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ ৰাখিছিল উদ্যান কৰ্তৃপক্ষই ৷ বিগত মাৰ্চ মাহৰ পৰা কোৰোণাৰ বাবে উদ্যানখন পৰ্যটকৰ বাবে বন্ধ হৈ আহিছিল ৷ বিটিআৰৰ পৰ্যটন বিভাগৰ সদস্য ধৰ্ম নাৰায়ণ দাসে কোভিড প্ৰটকল অনুসৰি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি কৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে ৷
মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ আকৰ্ষণৰ বাবে জীপ লাইন (Jeep Line ) আৰু ঘৰিয়াল উদ্যান (Crocodile park) স্থাপন কৰা হ'ব বুলিও বিটিআৰৰ কাৰ্যবাহী সদস্যজনে উল্লেখ কৰে ৷ তেওঁ কয় ইতিমধ্যে ইয়াৰ আঁচনি ভাৰত চৰকাৰৰ ওচৰত প্ৰেৰণ কৰা হৈছে ৷ অনুমতি পালেই উদ্যানখনত স্থাপন হ'ব জীপ লাইন আৰু ঘৰিয়াল পাৰ্ক ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|