• Home
  • »
  • News
  • »
  • assam
  • »
  • মানসলৈ ঘূৰি আহিছে নতুন প্ৰাণ, ৫ মাহ পিছত পুনৰ মুকলি হ’ল চিৰসেউজ মানস ৰাষ্ট্ৰীয় উদ্যান

মানসলৈ ঘূৰি আহিছে নতুন প্ৰাণ, ৫ মাহ পিছত পুনৰ মুকলি হ’ল চিৰসেউজ মানস ৰাষ্ট্ৰীয় উদ্যান

এতিয়া পৰ্যটকৰ বাবে আৰম্ভ হৈছে জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীও৷

এতিয়া পৰ্যটকৰ বাবে আৰম্ভ হৈছে জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীও৷

এতিয়া পৰ্যটকৰ বাবে আৰম্ভ হৈছে জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীও৷

  • Share this:
মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ ঘূৰি আহিছে নতুন প্ৰাণ৷ বিগত পাঁচ মাহৰ পিছত আহিবলৈ আৰম্ভ কৰিছে পৰ্যটক৷ লকডাউনৰ বাবে বিগত পাঁচ মাহে পৰ্যটকৰ বাবে বন্ধ আছিল মানস ৰাষ্ট্ৰীয় উদ্যান৷ কোৰোণা মহামাৰীৰ বাবে উদ্যান কৰ্তৃপক্ষই বন্ধ কৰি দিছিল পৰ্যটকৰ প্ৰৱেশ৷ ইয়াৰ লগে লগে বন্ধ হৈ পৰিছিল জীপ ছাফাৰী, হাতী ছাফাৰী তথা ৰিজ’ৰ্টসমূহ৷

লকডাউনে জীৱন- জীৱিকালৈও ভাবুকিৰ সৃষ্টি কৰিছিল মানসৰ লগত জড়িত দুই শতাধিক পৰিয়াললৈ৷ কিয়নো মানসৰ পৰ্যটকৰ আগমনক লৈয়ে চলে একাংশ লোকৰ জীৱন- জীৱিকা৷ কিন্তু মানস বন্ধ হৈ পৰাত এইসকল লোক আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল৷ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সম্মুখীন হৈছিল৷ পিছে ৰাজ্য চৰকাৰে নতুন এছ অ’ পি ঘোষণা কৰাৰ পিছতে বিগত ১ অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে উদ্যান কৰ্তৃপক্ষই মুকলি কৰি দিয়ে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যান৷

বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে মানসৰ মুখ্যদ্বাৰ মুকলি কৰাৰ পিছত এতিয়া পৰ্যটকৰ বাবে আৰম্ভ হৈছে জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীও৷ মানসৰ দাঁতিকাষৰীয়া ৰিজ’ৰ্টসমূহলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে বিভিন্ন ক্ষেত্ৰৰ পৰ্যটকৰ৷ চিৰসেউজ মানসৰ মনোৰম প্ৰাকৃতিক দৃশ্যই এতিয়া মন উতলা কৰিছে পৰ্যটকৰ৷

পৰ্যটকৰ আগমনে উৎফুল্লিত কৰি তুলিছে উদ্যানখনৰ দাঁতিকাষৰীয়া ৰিজ’ৰ্টৰ মালিক- কৰ্তৃপক্ষ তথা জীপ ছাফাৰীৰ লগত জড়িতসকলক৷ তেওঁলোকৰ আশা, বিদেশী পৰ্যটক নাহিলেও দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটিব ৰাষ্ট্ৰীয় উদ্যানখনলৈ৷ পূৰ্বৰ গৰিমা ঘূৰি আহিব উদ্যানখনলৈ৷ মৃত্যুমুখী পৰ্যটন উদ্যোগটো পুনৰ ঠন ধৰি উঠিব৷ কিয়নো লকডাউনেও মানসক দিছে নতুন প্ৰাণ৷ বৃদ্ধি পাইছে জীৱ- জন্তুৰ সংখ্যা৷ স্বাভাৱিকতে মানস ৰাষ্ট্ৰীয় হৈ পৰিছে চিৰযৌৱনা৷
Published by:Sanjay Kumar Das
First published: