পৰ্যটকৰ বাবে পুনৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

News18 Assam | News18-Assam
Updated:May 5, 2021, 12:11 PM IST
পৰ্যটকৰ বাবে পুনৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
কোৰোণাৰ দ্বিতীয় লহৰে কালৰূপ ধাৰণ কৰাত কালিৰে পৰা অনিৰ্দিষ্ট কাললৈ উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰি দিয়ে ৷

কোৰোণাৰ দ্বিতীয় লহৰে কালৰূপ ধাৰণ কৰাত কালিৰে পৰা অনিৰ্দিষ্ট কাললৈ উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰি দিয়ে ৷

  • Share this:
পৰ্যটকৰ বাবে পুনৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশ তথা ৰাজ্যজুৰি ভয়ংকৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনস্থ নেশ্যনেল টাইগাৰ কনজাৰ্ভেচন অথৰিটীৰ উপ–মহাপৰিদৰ্শক আৰু সহকাৰী উপ–মহাপৰিদৰ্শক ড° বৈভৱ চি মাথুৰে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ পত্ৰযোগে প্ৰেৰণ কৰা নিৰ্দেশমৰ্মে যোৱা এক মে’ত এক বিবৃতিযোগে এই কথা সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই৷ বিবৃতিটোত উল্লেখ থকা অনুসৰি পুনৰ নিৰ্দেশনা নহালৈকে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ থাকিব৷ বন্ধৰ সময়ছোৱাত সকলো ধৰণৰ কোভিড প্ৰট’কল মানি কেৱল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ববীয়া,বনৰক্ষী আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ-সুৰক্ষাৰ লগত জড়িত লোকেহে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব৷

উল্লেখ্য যে বিগত বৰ্ষতো কোৰোণা মহামাৰীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ কৰি দিয়াত পৰ্যটন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল ৷ বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত জীপ ছাফাৰী, ৰিজৰ্ট, গাইড আদিৰ জীৱিকা লৈ অন্ধকাৰ নামি আহিছিল৷ ইয়াৰ পিছত কিছুদিন উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত জীপ ছাফাৰীকে ধৰি পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছিল৷ আনকি বহিঃৰাজ্যৰ পৰাও বহু পৰ্যটক আহিছিল৷ পিছে কোৰোণাৰ দ্বিতীয় লহৰে কালৰূপ ধাৰণ কৰাত কালিৰে পৰা অনিৰ্দিষ্ট কাললৈ উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰি দিয়ে ৷
Published by: Sanjay Kumar Das
First published: May 5, 2021, 12:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি