মুখ্যপৃষ্ঠা »খবৰ »অসম »Manas National Park : মানস ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে আশাৰ বতৰা, বৰ্ষটোত এতিয়ালৈ আহিছে ২২ হাজাৰ দেশী-বিদেশী পৰ্যটক

Manas National Park : মানস ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে আশাৰ বতৰা, বৰ্ষটোত এতিয়ালৈ আহিছে ২২ হাজাৰ দেশী-বিদেশী পৰ্যটক

বৃদ্ধি পাইছে হাতী, গঁড়, হৰিণাৰ লগতে বনৰীয়াৰ ম' হৰ সংখ্যা ৷

বৃদ্ধি পাইছে হাতী, গঁড়, হৰিণাৰ লগতে বনৰীয়াৰ ম' হৰ সংখ্যা ৷

বৃদ্ধি পাইছে হাতী, গঁড়, হৰিণাৰ লগতে বনৰীয়াৰ ম' হৰ সংখ্যা ৷

  • Share this:
প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে আশাৰ বতৰা। আশাতীতভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা ৷ মানসৰ জীৱ-জন্তুৰ সংখ্যা বৃদ্ধিয়ে প্ৰকৃতিপ্ৰেমীৰ লগতে পৰ্যটকলৈও আনিছে সুখৰ বতৰা ৷ প্ৰকৃতিৰ ৰম্যভূমি মানসত (Manas National Park) বৃদ্ধি পাইছে বাঘৰ সংখ্যাও ৷

ইয়াৰ লগতে বৃদ্ধি পাইছে হাতী, গঁড়, হৰিণাৰ লগতে বনৰীয়াৰ ম' হৰ সংখ্যা ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰত্যক্ষ কৰা হৈছে মেথোন, সোণালী বান্দৰৰ লগতে কেতবোৰ বিলুপ্ত হ'ব ধৰা চৰাই- চিৰিকটিও ৷ ইফালে জীৱ- জন্তুৰ ক্ষেত্রত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা ৫০ টাতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে এই বৰ্ষৰ বাঘ গণনা প্ৰক্ৰিয়া সামৰণি পৰিছে আৰু কম সময়ৰ ভিতৰতেই ইয়াৰ সংখ্যা নিৰ্ধাৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে বন বিভাগে। আশা কৰা মতে, বিগত বৰ্ষৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ- জন্তুৰ সংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যাও ৷

মানসৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে। পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত দুগুণে বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ অভিনৱ বৰুৱাই জানিবলৈ দিয়া অনুসৰি, এইবাৰ ২০২৩ বৰ্ষত জানুৱাৰীৰ পৰা বৰ্তমান পৰ্যন্ত মানসত ২২ হাজাৰ দেশী-বিদেশী পৰ্যটকে পদাৰ্পণ কৰিছে। ইয়াৰে ১৯,৬৩৩ গৰাকী দেশী পৰ্যটকৰ বিপৰীতে বিদেশী পৰ্যটক ৩৬৭ গৰাকী।

আনহাতে বৰ্তমানলৈ ৫০ লাখতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলিও জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ৷ সেয়ে পূৰ্বৰ তুলনাত মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা দুগুণে বৃদ্ধি পোৱা বুলিও সদৰী কৰে ৰেঞ্জাৰ অভিনৱ বৰুৱাই। তেওঁ কয় যে উদ্যানত শেহতীয়াভাৱে জীৱ- জন্তু সহজতে প্ৰত্যক্ষ কৰিব পৰা হৈছে বাবে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছে।

শেহতীয়া বাতৰি