তথাকথিত চেইণ্ট ভেলেণ্টাইন দিৱসৰ দিনাই ডিব্ৰুগড়ত এচিড আক্ৰমণৰ চিকাৰ হ'ল এগৰাকী যুৱতী। ৩২ বছৰীয়া এগৰাকী যুৱতীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ভণ্ড যুৱকে যুৱতীৰ মুখত ঢালিলে এচিড ! এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত।
ডিব্ৰুগড়ৰ আমোলাপট্টী আৰক্ষী চকীৰ অধীনৰ মিৰ্জ্জাবাগৰ সমীপত এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, যুৱতীগৰাকীয়ে লগৰীয়াৰ সৈতে দেওবাৰে নিশা নিজা কৰ্তব্যস্থলী শ্ব'হামৰ পৰা নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত বাইকত অহা দুবৃৰ্ত্তই যুৱতীগৰাকীক নিচেই কাষৰ পৰা এচিড ঢালি পলায়ন কৰে। লগে লগে মাটিত বাগৰি পৰে যুৱতীগৰাকী।
পিছত যুৱতীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত অসম মেডিকেল কলেজত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়। নাহৰকটীয়াৰ হাজৰিকা উপাধিৰ যুৱতীগৰাকী দীৰ্ঘসময় ধৰি মিজ্জাবাগত ভাড়াতীয়া হিচাপে আছিল।
ইফালে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। আৰক্ষীয়ে দুৰ্বত্তক বিচাৰি আৰম্ভ কৰিছে অভিযান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|