
নিৰুদ্দেশৰ পিছত লোকজনে ফোন কৰি জনাইছিল তেওঁক অজ্ঞাত স্থানত কিছু লোকে আবদ্ধ কৰি ৰখা বুলি।
নিৰুদ্দেশৰ পিছত লোকজনে ফোন কৰি জনাইছিল তেওঁক অজ্ঞাত স্থানত কিছু লোকে আবদ্ধ কৰি ৰখা বুলি।
হোজাইৰ চাউতাল বস্তিত নিশা অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হৈছে এজন অচেতন লোক।উদ্ধাৰ হোৱা অচেতন ব্যক্তিজন মঙলবাৰে নিৰুদ্দেশ হোৱা যোগীজানৰ ব্যৱসায়ী প্ৰণৱ বিশ্বাস বুলি আৰক্ষীয়ে কৰিছে চিনাক্ত।
উল্লেখযোগ্য যে নিৰুদ্দেশৰ পিছত লোকজনে ফোন কৰি জনাইছিল তেওঁক অজ্ঞাত স্থানত কিছু লোকে আবদ্ধ কৰি ৰখা বুলি। ইয়াৰ পিছত লোকজনৰ মোবাইল ফোন বন্ধ থকাত সন্দেহ কৰা হৈছিল ব্যৱসায়ীজনক কোনোবা দুৰ্বৃত্তই অপহৰণ কৰি আবদ্ধ কৰি ৰাখিছে। সেই মতে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিত দুৱৰাৰ নেতৃত্বত হোজাইৰ বিভিন্ন স্থানত লোকজনৰ সন্ধানত চলোৱা হৈছিল অভিযান।
আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে নিশা অচেতন অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল লোকজন। লোকজনক নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাটোৰ তদন্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|