• Home
  • »
  • News
  • »
  • assam
  • »
  • বটলত পেট্ৰ’ল নিদিয়ে, সেয়েহে বাইকৰ খালী টেংকীটোকে খুলি লৈ আনিলে গ্ৰাহকে

বটলত পেট্ৰ’ল নিদিয়ে, সেয়েহে বাইকৰ খালী টেংকীটোকে খুলি লৈ আনিলে গ্ৰাহকে

খালী টেংকীটোত পেট্ৰ’ল লৈ উভতি যায় লোকজন। বাইকৰ সলনি খালী টেংকীত পেট্ৰ’ল ভৰোৱা যুৱকজনৰ এই দৃশ্যই বহুতৰে মাজত চৰ্চা লাভ কৰিছে।

  • Share this:
যোৰহাট নগৰৰ এটা পেট্ৰ’ল পাম্পত সোমবাৰে দেখিবলৈ পোৱা গ’ল এক আজৱ দৃশ্য। এজন ব্যক্তিয়ে পেট্ৰ’ল ভৰাবলৈ ডিপোলৈ লৈ আহিল তেওঁৰ দুচকীয়া বাহনখনৰ টেংকীটো। আচৰিত যেন লাগিলেও এই দৃশ্য দেখিবলৈ পোৱা গ’ল যোৰহাট নগৰৰ বিঅ’চি পেট্ৰ’ল পাম্পত।

এজন লোকৰ দুচকীয়া বাহনখনৰ পথতে পেট্ৰ’ল শেষ হোৱাত ডিপোলৈ এটা বটল লৈ আহিছিল  পেট্ৰ’ল ক্ৰয় কৰিবলৈ। কিন্তু বটলত পেট্ৰ’ল দিয়াত নিষেধাজ্ঞা থকাত লোকজনক পেট্ৰ’ল দিবলৈ অমান্তি হয় ডিপোটোৰ কৰ্মচাৰী।

অৱশেষত উপায়হীন হৈ লোকজনে তেওঁৰ বাইকখনৰ পেট্ৰ’ল টেংকীটোকে খুলি আনিলে পেট্ৰ’ল  ভৰাবলৈ। আৰু খালী টেংকীটোত পেট্ৰ’ল লৈ উভতি যায় লোকজন। বাইকৰ সলনি খালী টেংকীত পেট্ৰ’ল ভৰোৱা যুৱকজনৰ এই দৃশ্যই বহুতৰে মাজত চৰ্চা লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি