হোজাই নীলবাগানৰ আশীনগৰত চাঞ্চ্যল্যকৰ হত্যাকাণ্ডক লৈ উত্তেজনা।পাৰিবাৰিক কন্দলৰ বাবেই বাবে নিজ খুৰাকে দাৰে ঘপিয়াই হত্যা কৰিলে ভতিজাক৷ হোজাইৰ নীলবাগানৰ আশীনগৰত যোৱানিশা সংঘটিত হয় এই হত্যাকাণ্ড। নিশা ২ মান বজাত শোৱাপাটিতে জাকিৰ হুছেইন নামৰ লোকজনক নিজ খুৰাকে চোকা দাৰে ডিঙি কাটি নিৰ্মমভাৱে হত্যা কৰে৷ ইমানতে ক্ষান্ত নাথাকি জাকিৰ হুছেইনৰ পত্নীকো হত্যা কৰিবলৈ চেষ্টা চলায় হত্যাকাৰী খুৰাক সুৰুজ আলীয়ে৷
হত্যাকাণ্ড সংগঠিত কৰি সুৰুজ আলীয়ে হত্যাকাণ্ড সংগঠিত কৰা অস্ত্ৰ লৈ নিশাই ৰাজপথেৰে খোজ কাঢ়ি গৈ শংকৰদেৱ নগৰ উপ–আৰক্ষী চকীত আত্মসমৰ্পণ কৰে৷ মৃত জাকিৰ হুছেইন মাছ ব্যৱসায়ীৰ লগতে এজন অমায়িক স্বভাৱৰ লোক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ জাকিৰক হত্যা কৰা কাণ্ডক লৈ সহজভাৱে মানি লব পৰা নাই ৰাইজে৷
গাঁৱৰ ৰাইজে হত্যাকাৰীক ফাঁচিৰ দাবী তুলি নীলবাগান আৰক্ষী পহৰা চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পিছত হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়নন্ত্ৰণ কৰে। স্থানীয় ৰাইজে আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড কৰে লোকজনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|