ভৰলুত উটি যোৱা লোকজনৰ সন্ধানত পুৱাৰে পৰা অভিযান SDRFৰ

বৃহস্পতিবাৰে ভৰলুত আধা ডুবি থকা অৱস্থাত উদ্ধাৰ হৈছিল লোকজনৰ চাইকেলখন।

News18-Assam
Updated:August 16, 2019, 8:36 AM IST
ভৰলুত উটি যোৱা লোকজনৰ সন্ধানত পুৱাৰে পৰা অভিযান SDRFৰ
বৃহস্পতিবাৰে ভৰলুত আধা ডুবি থকা অৱস্থাত উদ্ধাৰ হৈছিল লোকজনৰ চাইকেলখন।
News18-Assam
Updated: August 16, 2019, 8:36 AM IST
বৃহস্পতিবাৰে বিয়লি অহা এজাক বৰষুণতে মহানগৰীৰ সুন্দৰপুৰত সংঘটিত হৈছিল এক অঘটন৷ চাইকেলৰ পৰা পৰি ভৰলু নৈত উটি গৈছিল এজন লোক৷ এতিয়াও সন্ধান উলিয়াব পৰা নাই লোকজনৰ। সন্ধানহীন হোৱাৰ পিছতে অভিযান চলোৱা হৈছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল লোকজনৰ।

আজি পুৱা পুনৰ লোকজনৰ সন্ধানত SDRF–এ আৰম্ভ কৰিছে অভিযান। এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই সন্ধানহীন লোকজনৰ পৰিচয়। ভৰলু নৈ যথেষ্ট লেতেৰা হোৱাৰ বাবেই উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে SDRF বাহিনী। বৃহস্পতিবাৰে ভৰলুত আধা ডুবি থকা অৱস্থাত উদ্ধাৰ হৈছিল লোকজনৰ চাইকেলখন।
আৰু চাওক পৰৱৰ্তী বাতৰি