• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ এই পথত প্ৰাতঃভ্ৰমণলৈ যাওঁতে সাৱধান হওক, আপুনিও হ’ব পাৰে টাৰ্গেট!

নগাঁৱৰ এই পথত প্ৰাতঃভ্ৰমণলৈ যাওঁতে সাৱধান হওক, আপুনিও হ’ব পাৰে টাৰ্গেট!

ঘটনা সংক্ৰান্তত তেওঁৰ পুত্ৰই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। 

ঘটনা সংক্ৰান্তত তেওঁৰ পুত্ৰই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। 

ঘটনা সংক্ৰান্তত তেওঁৰ পুত্ৰই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। 

  • Share this:
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃভ্ৰমণ কৰাটো কিমান সুৰক্ষিত! নগাঁৱত শেহতীয়াভাৱে সংঘটিত এক ঘটনাই যেন সেই কথাই প্ৰমাণ কৰিছে। জানিব পৰা মতে,  নগাঁও বাইপাছত আজি পুৱাই সংঘটিত হয় এক লোমহৰ্ষক ডকাইতি কাণ্ড। নগাঁৱৰ ভোটাইগাঁৱৰ মহেন্দ্ৰ কাকতি নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে পুৱাই স্কুটী লৈ নগাঁও বাইপাছৰে গৈ থকা অৱস্থাত বাইকত অহা দুজনীয়া ডকাইতৰ দলে তেওঁক আগভেটি ধৰে। তাৰ পিছতে তেওঁক গবা মাৰি ধৰি নিচাজাতীয় দ্ৰব্য খুৱাই নগদ ধন আৰু মোবাইল ফোন কাঢ়ি লৈ যায়।

আনহাতে, নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত গুৰুতৰ ভাৱে অসুস্থ হৈ পৰা মহেন্দ্ৰ কাকতি নামৰ ব্যক্তিগৰাকী বহুসময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংজ্ঞাহীন হৈ পৰি ৰয়। কিছুসময় পিছত স্থানীয় লোকে লোকজনক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে আহি তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

বৰ্তমান মহেন্দ্ৰ কাকতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত তেওঁৰ পুত্ৰই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

ডকাইতৰ আক্ৰমণত আহত মহেন্দ্ৰ কাকতিৰ পুত্ৰ ৰূপম কাকতিয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ পিতৃয়ে সদায় প্ৰাতঃভ্ৰমণলৈ তিনিচকীয়া স্কুটীখনেৰে ওলাই যায়। আজি পুৱা বহু দেৰিলৈকে পিতৃ ঘৰলৈ ঘূৰি নহাত তেওঁলোক চিন্তিত হৈ পৰিছিল। পিছত উৰিয়াগাঁৱৰ ৰাইজে তেওঁৰ পিতৃৰ বিষয়ে খবৰ দিয়াত তেওঁলোকে অচেতন অৱস্থাত পিতৃক উদ্ধাৰ কৰে। বৰ্তমানেও তেঁওৰ পিতৃ গুৰুত্বৰভাৱে অসুস্থ অৱস্থাতে আছে।
Published by:Sanjay Kumar Das
First published: