পত্নীয়ে এৰি যোৱাৰ দুখত ঘৰ–বাৰী এৰি ১০ বছৰে গছৰ তলত বাস কৰিছে এইজন লোকে! এইখন অসমৰে এক কৰুণ ঘটনা

News18 Assam | News18-Assam
Updated:December 1, 2019, 10:37 AM IST
পত্নীয়ে এৰি যোৱাৰ দুখত ঘৰ–বাৰী এৰি ১০ বছৰে গছৰ তলত বাস কৰিছে এইজন লোকে! এইখন অসমৰে এক কৰুণ ঘটনা
অতি দৰিদ্ৰ পৰিয়ালৰ ৰঞ্জিত কৰ্মকাৰৰ ঘৰ–দুৱাৰ সকলো আছিল। কোনো কাৰণত পত্নীয়ে এৰি যোৱাৰ পিছৰে পৰা মানসিকভাৱে দুৰ্বল হৈ পৰিছিল ৰঞ্জিত।

অতি দৰিদ্ৰ পৰিয়ালৰ ৰঞ্জিত কৰ্মকাৰৰ ঘৰ–দুৱাৰ সকলো আছিল। কোনো কাৰণত পত্নীয়ে এৰি যোৱাৰ পিছৰে পৰা মানসিকভাৱে দুৰ্বল হৈ পৰিছিল ৰঞ্জিত।

  • Share this:
ঢেকীয়াজুলিৰ এজন লোক। ১০ বছৰ ধৰি এই লোকজনে বসবাস কৰি আহিছে বৰছলা চাহ বাগিচাৰ মাজত থকা এজোপা প্ৰকাণ্ড গছৰ তলত। ৰ’দ–বৰষুণ কাটি কৰি একবিংশ শতিকাতো আদিম মানৱৰ দৰে জীৱন–যাপন কৰিছে এই লোকজনে। এই গছজোপাই এতিয়া লোকজনৰ ঠিকনা। লোকজনৰ নাম ৰঞ্জিত কৰ্মকাৰ। এতিয়া শুনক ৰঞ্জিত কৰ্মকাৰৰ কাহিনী।

অতি দৰিদ্ৰ পৰিয়ালৰ ৰঞ্জিত কৰ্মকাৰৰ ঘৰ–দুৱাৰ সকলো আছিল। কোনো কাৰণত পত্নীয়ে এৰি যোৱাৰ পিছৰে পৰা মানসিকভাৱে দুৰ্বল হৈ পৰিছিল ৰঞ্জিত। ঘৰ–দুৱাৰ এৰি বাগিচাৰ মাজৰ এজোপা গছৰ তলত থাকিবলৈ লয় লোকজনে। এদিন দুদিন কৰি ১০ বছৰ এইদৰেই গছজোপাৰ তলত পাৰ কৰিছে ৰঞ্জিতে।



ৰঞ্জিত কৰ্মকাৰ এসময়ত সম্পূৰ্ণ সুস্থ আছিল৷ তেওঁ বৰছলা চাহ বাগিছাৰ অস্থায়ী শ্ৰমিক হিচাপে কাম কৰি অৱসৰ লৈছিল বুলি তেওঁ নিজে প্ৰকাশ কৰে৷ খুজি–মাগি আনি গছৰ তলতে নিজে ৰন্ধা–বঢ়া কৰি এনেদৰে বিগত ১০ বছৰে জীৱন নিৰ্বাহ কৰি আহিছে ৰঞ্জিতে৷



NEWS18 অসমৰ আগত ৰঞ্জিত কৰ্মকাৰে কয় যে গছৰ তলত থাকি ভাল পোৱাৰ বাবে এনেদৰে জীৱন নিৰ্বাহ কৰি আছে৷ আনহাতে, স্থানীয় লোকৰ মতে একমাত্ৰ দৰিদ্ৰতাৰ বাবেই এই গছজোপাকে তেওঁ ঠিকনা হিচাপে লৈ গুহাসদৃশ পৰিৱেশত জীৱন যাপন কৰিছে৷ চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰণয়ন কৰিছে, কিন্তু ৰঞ্জিতৰ দৰে বহু লোকে আজিও বঞ্চিত হৈ আছে এই আঁচনিসমূহৰ পৰা।

(ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ প্ৰতিবেদন)

 
আৰু চাওক পৰৱৰ্তী বাতৰি