মহানগৰীৰ নুনমাটিত নাৰকীয় ঘটনা, লাঠিৰে কোবাই কোবাই এজন লোকক হত্যা

এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় নুনমাটি থানাৰ অন্তৰ্গত পূব ত্ৰিনয়নপুৰত।
এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় নুনমাটি থানাৰ অন্তৰ্গত পূব ত্ৰিনয়নপুৰত।
- News18 Assam
- Last Updated: January 19, 2021, 8:01 PM IST
উল্লেখযোগ্য যে পূব ত্ৰিনয়নপুৰ বাসিন্দা ৰাজু দাসে (৩৫) দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটোক পোহ পাল দি আছিল। যোৱা ৬ জানুৱাৰীত ৰাজু দাসৰ পত্নী আনিমা দাসে ওচৰত অনুষ্ঠিত হোৱা ভোজ–ভাত অনুষ্ঠানত উদ্দাম নৃত্য প্ৰদৰ্শন কৰিছিল। ইয়াকে লৈ নিশাৰ ভাগত ৰাজু দাস আৰু পত্নী অনিমা দাসৰ কাজিয়াৰ সূত্ৰপাত হয়। পত্নী অনিমা দাস ঘৰৰ পৰা ওলাই গৈ পূব ত্ৰিনয়নপুৰ উন্নয়ন সমিতিৰ সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তক সাক্ষাৎ কৰি স্বামীৰ বিৰুদ্ধে বিচাৰ দিয়ে।
সিদিনা নিশাই ডেৰ বজাত সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তৰ নেতৃত্বত ১২ জনীয়া দুৰ্বৃত্তৰ দলে ৰাজু দাসৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি শুই থকা ৰাজু দাসক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে। প্ৰহাৰ সহ্য কৰিব নোৱাৰি বিছনাৰ সোমাই যদিও দুৰ্বৃত্তৰ দলটোৱে বিছনাৰ তলৰ পৰা চোচৰাই আনি ঘাইপথলৈ লৈ যায়। ঘাই পথত দুৰ্বৃত্তৰ দলটোৱে লাঠিৰে ৰাজু দাসক প্ৰহাৰ কৰে। পুৱতি নিশা চাৰি বজাত নুনমাটি আৰক্ষীয়ে মুৰ্মূষু অৱস্থাত ৰাজু দাসক উদ্ধাৰ কৰি GMCHত সংকটজনক অৱস্থাত ভৰ্তি কৰায়।
ইপিনে হত্যাত অভিযুক্ত মুন শৰ্মা আৰু উৎপল দত্ত সহ ১২ জনীয়া দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰিছে। আৰক্ষীয়ে পলাতক হত্যাকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ তীব্র অভিযান চলাই আছে যদিও আৰক্ষীয়ে অভিযুক্তৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 302 নং ধাৰাৰ অধীনত থানাত 54/21 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।