• Home
  • »
  • News
  • »
  • assam
  • »
  • বিয়া ঠিক হোৱাৰ পিছতে ঘটিল অঘটন! প্ৰেমিকাক হত্যা কৰি নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে

বিয়া ঠিক হোৱাৰ পিছতে ঘটিল অঘটন! প্ৰেমিকাক হত্যা কৰি নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে

মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে  মুম্বাইৰ মালড’ অঞ্চলত

মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে  মুম্বাইৰ মালড’ অঞ্চলত

মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে  মুম্বাইৰ মালড’ অঞ্চলত

  • Share this:
প্ৰথমে নিজৰ প্ৰেমিকাক কৰিলে গুলীয়াই হত্যা আৰু  তাৰ পিছত প্ৰেমিকে শেষ কৰিলে নিজৰ জীৱন। মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে  মুম্বাইৰ মালড’ অঞ্চলত। মঙলবাৰে স্থানীয় একাংশ লোকৰ সহয়োগত আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহৰ লগতে যুৱকৰ মৃতদেহ। খবৰ অনুসৰি সোমবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা।

ঘটনাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিলীপ চাওয়ান্তই কয়, 'সোমবাৰে মালড’ অঞ্চলত এজন যুৱকে নিজৰ মূৰত গুলী কৰি স্ব-ইচ্ছাৰে নিজৰ জীৱন শেষ কৰে। তাৰ পূৰ্বে যুৱকজনে এগৰাকী ২২ বছৰীয়া যুৱতীকো গুলীয়াই হত্যা কৰে। আমি দুয়োটা মৃতদেহ চিনাক্ত কৰিছো। তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছো।'

মঙলবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী আচলাম শ্বেইখ ঘটনাস্থলীত উপস্থিত হয়। আৰু তেওঁ এই ঘটনা প্ৰেমজনিত বুলি উল্লেখ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে,  ‘ইতিমধ্যে আৰক্ষীৰ পৰা সকলো তথ্য লাভ কৰিছো। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। কিছুদিনৰ পূৰ্বে দুয়োৰে বিবাহৰ দিন ঠিক কৰা হৈছিল। কিন্তু হঠাত্‍ দুয়োৰে মাজত আৰম্ভ হয় বিবাদ। আৰু তাৰ পৰিণতিতে এই ঘটনাটো সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে।’

উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰিছে।
Published by:Himangshu Bhuyan
First published: