গুৰুতৰভাৱে আহত জামাল উদ্দিনক হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ অহা অৱস্থাত মৃত্যুক সাবটি লয়।
গুৰুতৰভাৱে আহত জামাল উদ্দিনক হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ অহা অৱস্থাত মৃত্যুক সাবটি লয়।
হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘাত। সংঘৰ্ষত নিহত জামাল উদ্দিন মজুমদাৰ নামৰ এজন লোক। লগতে গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছে আন দুজন লোক। জিলাখনৰ মাটিজুৰি এলেকাৰ বৰ-হাইলাকান্দি গাঁৱত সংঘটিত হৈছে এই ঘটনা।
দীৰ্ঘদিনৰ পৰা গাঁওখনৰ দুটা পৰিয়ালৰ মাজত এটা পথক কেন্দ্ৰ কৰি বিবাদ চলি আছিল। বিবাদৰ মীমাংসাৰ বাবে আদালতৰো দ্বাৰস্থ হৈছিল। কিন্তু গোচৰ চলি থকা অৱস্থাত আজি এটা পক্ষই পথটো দখল কৰাৰ চেষ্টা চলোৱাত সৃষ্টি হয় কাজিয়াৰ। জামাল উদ্দিন মজুমদাৰে প্ৰতিৱেশী ছেলিম উদ্দিন, ফৰিজ উদ্দিন আৰু সোনাৰ উদ্দিনক বাধা প্ৰদান কৰাত লোকজনক লাঠিৰে আক্ৰমণ চলায় বুলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
আক্ৰমণত গুৰুতৰভাৱে আহত জামাল উদ্দিনক হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ অহা অৱস্থাত মৃত্যুক সাবটি লয়। এই ঘটনাত কুতুব উদ্দিন মজুমদাৰ আৰু বিলাল উদ্দিন মজুমদাৰ নামৰ আন দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক বৰ্তমান হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতালত চিকিৎসাধীন হৈ আছে।
ঘটনাৰ পিছত প্ৰতিৱেশী ছেলিম উদ্দিন মজুমদাৰ, ফৰিজ উদ্দিন মজুমদাৰ, সোনাৰ উদ্দিন মজুমদাৰ আৰু নুৰ উদ্দিন মজুমদাৰৰ বিৰুদ্ধে বন্দুকমাৰা আৰক্ষী চকীত এটা গোচৰ ৰজু কৰিছে জামাল উদ্দিনৰ পৰিয়ালৰ লোকে। এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই এজনো অভিযুক্তক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|