মুখ্যপৃষ্ঠা »খবৰ »অসম »কৰিমগঞ্জৰ বদৰপুৰত নৃশংস হত্যাকাণ্ড, দাৰে ঘপিয়াই হত্যা এজন লোকক

কৰিমগঞ্জৰ বদৰপুৰত নৃশংস হত্যাকাণ্ড, দাৰে ঘপিয়াই হত্যা এজন লোকক

মাছুকুৰ ৰহমানৰ পত্নী হুছনা বেগমৰ অভিযোগ, গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰিছে মাছুকুৰক।

মাছুকুৰ ৰহমানৰ পত্নী হুছনা বেগমৰ অভিযোগ, গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰিছে মাছুকুৰক।

মাছুকুৰ ৰহমানৰ পত্নী হুছনা বেগমৰ অভিযোগ, গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰিছে মাছুকুৰক।

  • Share this:
দশমীৰ নিশা কৰিমগঞ্জৰ বদৰপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ ঘৰতেই দাৰে ঘপিয়াই এগৰাকী বৃদ্ধক হত্যা কৰিলে দুৰ্বৃত্তই। দাৰে ঘপিয়াই ষাঠি বছৰীয়া মাছুকুৰ ৰহমান নামৰ লোকজনক হত্যা। বদৰপুৰৰ ভাংগা এলাকাৰ দক্ষিণকুল গাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। মৃতদেহৰ কাষত উদ্ধাৰ হয় এখন ৰক্তাক্ত দা।

মাছুকুৰ ৰহমানৰ পত্নী হুছনা বেগমৰ অভিযোগ, গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰিছে মাছুকুৰক। ঘটনাৰ আঁৰত পূৰ্বৰ বিবাদ থকাৰ সম্ভৱনা। বদৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া বাতৰি