
পত্নী-পুত্ৰৰ আক্ৰমণত নিহত লোকজনৰ নাম মুন্নাফ আলী৷
পত্নী-পুত্ৰৰ আক্ৰমণত নিহত লোকজনৰ নাম মুন্নাফ আলী৷
দক্ষিণ কামৰূপৰ গৰৈমাৰীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পত্নী–পুত্ৰই মিলি নৃশংসভাৱে হত্যা কৰিলে এজন লোকক। কাঠৰ টুকুৰাৰে পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘাতক পুত্ৰই৷ ঘাতক পুত্ৰক সংগ দিছিল পত্নী হেলিমন নেছাই৷
ঘাতকৰূপী পত্নী হেলিমন নেছাক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে৷ পত্নী-পুত্ৰৰ আক্ৰমণত নিহত লোকজনৰ নাম মুন্নাফ আলী৷ নিহত মুন্নাফ আলীৰ ঘৰ গৰৈমাৰী সত্ৰ গাঁৱত৷ বৰ্তমান পলাতক হৈ আছে ফজৰ আলী নামৰ ঘাতক পুত্ৰ৷ গৰৈমাৰী আৰক্ষীয়ে ফজৰ আলীক বিচাৰি চলাইছে অভিযান৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|