• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, সুৰাপান কৰি কাজিয়াত লিপ্ত হোৱাৰ পৰিণতিত প্ৰাণ গ’ল এজন লোকৰ

কলিয়াবৰত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, সুৰাপান কৰি কাজিয়াত লিপ্ত হোৱাৰ পৰিণতিত প্ৰাণ গ’ল এজন লোকৰ

এই ঘটনাৰ পিছতে নিশাই এক নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত উপস্থিত হৈ মিছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাৰিউচ নাগক।

এই ঘটনাৰ পিছতে নিশাই এক নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত উপস্থিত হৈ মিছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাৰিউচ নাগক।

এই ঘটনাৰ পিছতে নিশাই এক নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত উপস্থিত হৈ মিছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাৰিউচ নাগক।

  • Share this:
কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সোমবাৰে নিশা এক নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত সংঘটিত হয় এই হত্যাকাণ্ড। পৰিয়ালকেন্দ্ৰিক সংঘাতত প্ৰাণ গ'ল মাৰ্টিণ তিৰ্কী নামৰ ৪২ বছৰীয়া লোকজনৰ। মাৰিউচ নাগ নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ।

নিশাই মিছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাৰিউচ নাগক। পৰিয়ালৰ অভিযোগ অনুসৰি,  নিশা ভিনিহিয়েক মাৰ্টিণ তিৰ্কীৰ ঘৰত উপস্থিত হৈছিল মাৰিউচ নাগ। সুৰাৰ ৰাগীত দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সুত্ৰপাত ঘটে। তাৰ পিছত হতা-হতি, ঘুচিয়াঘুচি। হতাহতিত পকী বেৰত খুন্দা খাই ঢলি পৰে মাৰ্টিণ তিৰ্কী। নিশাই লোকজনক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাৰ্টিণ তিৰ্কীক চিকিৎসকে মৃত ঘোষণা কৰে।

এই ঘটনাৰ পিছতে নিশাই এক নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত উপস্থিত হৈ মিছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাৰিউচ নাগক। মঙলবাৰে পুৱা মিছা আৰক্ষী চকীত কাৰ্যবাহী দণ্ডাধীশ উপষ্ঠিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে নগাঁৱলৈ। আনহাতে, ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত ৫০/২০২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি হত্যাকাৰী মাৰিউচ নাগক আদালতত হাজিৰ কৰাই মিছা আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: