অকণি সহানুভূতিৰে...মহানগৰীৰ ৰাজপথত এগৰাকী হৃয়দৱানৰ মন জয় কৰা কাম

পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ।

News18-Assam
Updated:September 25, 2019, 4:38 PM IST
অকণি সহানুভূতিৰে...মহানগৰীৰ ৰাজপথত এগৰাকী হৃয়দৱানৰ মন জয় কৰা কাম
পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ।
News18-Assam
Updated: September 25, 2019, 4:38 PM IST
নিলয় ভট্টাচাৰ্য, নিউজ18ঃ মহানগৰীৰ এজন ব্যতিক্ৰমী পশু-পক্ষী প্ৰেমী। নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এই গৰাকী পশু-পক্ষী প্ৰেমীৰ এক ব্যতিক্ৰমী পদক্ষেপ। এইগৰাকী ব্যক্তিৰ এই ব্যতিক্ৰমী পদক্ষেপে উৎসাহ যোগাইছে আন দহগৰাকী লোকক। 

মহানগৰীৰ ধীৰেনপাৰাৰ ইটাভাটা অঞ্চলৰ নিবাসী চাহিদ আহমেদ নামৰ এই যুৱকজনে প্ৰতিদিনে নিজৰ কৰ্মস্থলীলৈ যোৱা পূৰ্বে এইদৰে ৰাজপথত ওলাই আহি ব্যস্ত হৈ পৰে এক বিশেষ কৰ্মত। প্ৰতিদিনে পুৱাৰ ভাগত চাহিদে ৰাজপথৰ দাঁতিত থকা কিছুমান পাত্ৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি এই পাত্ৰসমূহত পানীৰ লগতে গাখীৰ আৰু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী থৈ আহে। প্ৰথমে চাহিদৰ এই কৰ্ম সকলোকে আচৰিত কৰি তুলিছিল যদিও পিছলৈ চাহিদৰ এই কৰ্মৰ পিছত থকা মহান উদ্দেশ্য সকলোৱে বুজি পাই চাহিদৰ এই কৰ্মৰ লগত নিজকে জড়িত কৰে অঞ্চলটোৰ কেইবাগৰাকী যুৱকে।

গুৱাহাটী মহানগৰখন দিনক দিনে উন্নয়নৰ দিশে অগ্ৰসৰ হ'বলৈ ধৰিছে। উন্নয়নৰ দিশটো প্ৰতিগৰাকী ব্যক্তিৰে দৃষ্টি আকৰ্ষণ কৰে যদিও কিছুমান দৃশ্য গুৰুত্বহীন হৈ পৰে সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টিত। সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টিত গুৰুত্ব লাভ নকৰা এনেবোৰ দৃশ্যৰ মাজৰে এটা হৈছে উন্নয়নৰ ফলত পশু-পক্ষীয়ে ভোগ কৰা কিছুমান সমস্যা। মহানগৰীৰ এই উন্নয়নে পশু-পক্ষীৰ বাবে সৃষ্টি কৰা এক অন্যতম গুৰুত্বপূৰ্ণ সমস্যাই দৃষ্টি আকৰ্ষণ কৰিলে চাহিদ আহমেদৰ। মহানগৰীৰ নলা-নৰ্দমাসমূহ পকী কৰি পেলোৱাৰ ফলত এতিয়া পশু-পক্ষীৰ বাবে এটোপালো খোৱা পানী নোহোৱা হৈছে। পশু-পক্ষীৰ এই গুৰুতৰ সমস্যা চাহিদৰ দৃষ্টিত পৰাত চাহিদ পশু-পক্ষীৰ এই সমস্যৰ সমাধানলৈ এদিন ওলাই আহিল ৰাজপথলৈ। ধীৰেনপাৰাৰ ইটাভাটা অঞ্চলত পথৰ দুয়োকাষে পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে চাহিদে নিজৰ গাঁঠিৰ ধন ভাঙি সংস্থাপন কৰিছে কেইখনমান বিশেষ পাত্ৰৰ। এই পাত্ৰসমূহত পদপথৰ কুকুৰ, গৰু, মেকুৰীৰ লগতে চৰাইৰ বাবে প্ৰতিদিনে চাহিদে যোগান ধৰে খোৱা পানী আৰু বিভিন্ন খাদ্য সামগ্ৰী।

পশু-পক্ষীসমূহক খোৱা পানী আৰু খাদ্য যোগান ধৰাৰ লগতে চাহিদে ধীৰেনপাৰাৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান চাহিদ আহমেদ সমগ্ৰ ধীৰেনপাৰা অঞ্চলত ৰাইজৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে। চাহিদক অনুসৰণ কৰি অঞ্চলটোৰ বহু লোক ওলাই আহিছে গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ বাবে।
আৰু চাওক পৰৱৰ্তী বাতৰি