• Home
  • »
  • News
  • »
  • assam
  • »
  • Mango Stealing Case: হঠাতে দিছপুৰ থানাত পৰিল এখন এজাহাৰ আৰু বিধায়কৰ আম চুৰ কৰি থানাৰ আলহী হ'ল এজন ব্যক্তি

Mango Stealing Case: হঠাতে দিছপুৰ থানাত পৰিল এখন এজাহাৰ আৰু বিধায়কৰ আম চুৰ কৰি থানাৰ আলহী হ'ল এজন ব্যক্তি

আমৰ লোভে তেওঁলৈ মাতিলে বিপদ।

আমৰ লোভে তেওঁলৈ মাতিলে বিপদ।

আমৰ লোভে তেওঁলৈ মাতিলে বিপদ।

  • Share this:
হঠাতে দিছপুৰ থানাত পৰিল এখন এজাহাৰ। এজাহাৰ দিছে বিধায়ক অতুল বৰাই। এই গোচৰ আছিল এটা চুৰি কাণ্ডক লৈ। বৰাৰ বিধায়ক আৱাসৰ পৰা আম চুৰিক লৈ দিয়া হয় গোচৰ।

বিলম্ব নকৰি বিধায়ক আবাসৰ আম চোৰৰ সন্ধানত নামি পৰিল আৰক্ষী। আৰু আম চুৰি কৰি থানৰ আলহী হ'ল এজন ব্যক্তি (Man stealing MLA's mango and detained by Dispur police)।

দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিধায়ক আবাস গৃহত থকা আম গছৰ পৰা আম চুৰিৰ অভিযোগত সুভাষ নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ দিছিল বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে তেওঁক আটক কৰে। আটকাধীন লোকজনৰ বিধায়ক কলনিতে আছে জেৰক্সৰ দোকান। কিন্তু আমৰ লোভে তেওঁলৈ মাতিলে বিপদ। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে লোকজন।
Published by:Gautam Barman
First published: