হোজাইৰ শংকৰদেৱ নগৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে বুধবাৰে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধত এজনক মৃত্যুদণ্ডৰ ৰায় দিলে আদালতে।
উল্লেখযোগ্য যে ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত হোজাইৰ দাৰীয়া বস্তিৰ এটি ৫ বছৰীয়া ফুলকুমলীয়া কন্যা শিশুক প্ৰতিবেশী চন্দন হৰিজনে বগৰী দিয়াৰ চলেৰে ফুচলাই নি ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল। উক্ত ঘটনা সংক্ৰান্তত হোজাই থানাত ৰুজু হোৱা ১৬৪/২০ নম্বৰৰ গোচৰৰ আজি চূড়ান্ত ৰায় প্ৰদান কৰি আদালতে অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে।
উক্ত গোচৰত হোজাই আৰক্ষীয়ে দুমাহৰ ভিতৰত ১৪০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰাৰ লগতে ২০ গৰাকী লোকৰ সাক্ষীৰ অন্তত আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰি অভিযুক্ত চন্দন হৰিজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ উপৰি ভুক্তভোগী পৰিয়ালক পূৰ্বতে এককালীন পাঁচলাখ টকাৰ সাহায্যও দিয়া হৈছে। উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়া, লক্ষণ দাস, উৎপল দাস আৰু বিশ্বজিত ভট্টাচাৰ্যই যুক্তি দৰ্শাইছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|