• Home
  • »
  • News
  • »
  • assam
  • »
  • Man Missing in Barpeta : কামলৈ বুলি ওলাই অহা বৰপেটাৰ ব্যক্তি দুমাহে সন্ধানহীন, উদ্বিগ্নতাৰ মাজত পত্নী আৰু দুই কণমানি কন্যা

Man Missing in Barpeta : কামলৈ বুলি ওলাই অহা বৰপেটাৰ ব্যক্তি দুমাহে সন্ধানহীন, উদ্বিগ্নতাৰ মাজত পত্নী আৰু দুই কণমানি কন্যা

আৰক্ষীয়ে এইপৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰক্ষীয়ে এইপৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰক্ষীয়ে এইপৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

  • Share this:
বৰপেটাৰ জনীয়াৰ প্ৰাণজিৎ ৰাজবংশী নামৰ এগৰাকী লোক বিগত দুমাহ ধৰি সন্ধানহীন হৈ আছে ৷ হাজিৰা কাম কৰি পৰিয়াল পোহপাল দিয়া প্ৰাণজিৎ ৰাজবংশীয়ে যোৱা ১৬ মে'ৰ পুৱা কাম বিচাৰি ঘৰৰ পৰা বৰপেটা চহৰলৈ ওলাই আহিছিল৷ পিছে সিদিনাৰ পৰা দুমাহ উকলি যোৱাৰ পিছতো যুৱকজনে ঘৰলৈ উভতি যোৱা নাই (Man Missing in Barpeta)৷

যুৱকজনৰ সন্ধানহীনতাক লৈ পত্নী তথা পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে সন্ধানহীন যুৱকজনৰ কণমানি দুই কন্যাৰ লগতে পত্নী আৰু বৃদ্ধ পিতৃ–মাতৃ আছে ৷ কামলৈ ওলাই অহা যুৱকজন ক'লৈ গ'ল, কি হ'ল তাক লৈ পত্নী কন্যা সমস্যাৰ সন্মুখীন হৈছে ৷

ইপিনে বৰপেটা সদৰ থানাত স্বামীৰ সন্ধানহীনতাক লৈ এজাহাৰ দাখিল কৰা হৈছিল যদিও আৰক্ষীয়ে এইপৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে যুৱকজনৰ কিবা সম্ভেদ পালে ওচৰৰ থানা অথবা পৰিয়ালক অৱগত কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে পত্নীয়ে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি