• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত কৰুণ ঘটনা, পুখুৰীত পৰি সলিলসমাধি ৰে’ল বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কৰ্মচাৰীৰ

ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত কৰুণ ঘটনা, পুখুৰীত পৰি সলিলসমাধি ৰে’ল বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কৰ্মচাৰীৰ

আৰক্ষীৰ তদন্তত ওলাই পৰিছে চাঞ্চল‍্যকৰ ঘটনা।

আৰক্ষীৰ তদন্তত ওলাই পৰিছে চাঞ্চল‍্যকৰ ঘটনা।

আৰক্ষীৰ তদন্তত ওলাই পৰিছে চাঞ্চল‍্যকৰ ঘটনা।

  • Share this:
    ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত কৰুণ ঘটনা। পুখুৰীত পৰি সলিলসমাধি ৰে’ল বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কৰ্মচাৰীৰ। মৃত লোকজন হৈছে ধেমাজিৰ উপেন ডেকা (৫৫)। জানিব পৰা মতে, গড়ভিতৰ বালাগাঁৱত পুখুৰীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত‍্যক্ষ কৰে স্থানীয় ৰাইজে। খবৰ বিয়পি পৰাৰ লগে লগে ততাতৈয়াকৈ খবৰ দিয়া হয় তুলসীবাৰী আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

    আৰক্ষীয়ে ৰে’ল বিভাগৰ লগত যোগাযোগ কৰাত জানিব পাৰে যে উপেন ডেকা নামৰ ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকী সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল। আৰক্ষীৰ তদন্তত ওলাই পৰিছে চাঞ্চল‍্যকৰ ঘটনা। বড়ো চুবুৰীটোত উপেন ডেকাই অত‍্যাধিক চুলাই সেৱন কৰি পুখুৰীটোত পৰে। যাৰ ফলত কৰুণভাৱে মৃত‍্যুক সাবটি লয় ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকীয়ে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: