নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনৰীয়া হাতীয়ে অৱৰোধ কৰিলে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথ

News18 Assam | News18-Assam
Updated:November 4, 2020, 3:47 PM IST
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনৰীয়া হাতীয়ে অৱৰোধ কৰিলে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথ
খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই এতিয়া জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিছে হাতীৰ জাক৷

খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই এতিয়া জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিছে হাতীৰ জাক৷

  • Share this:
শোণিতপুৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ৷ হাতীৰ সন্ত্ৰাসৰ বাবেই এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে৷ হাতীৰ জাকে পকা ধাননি পথাৰ গচকি কৰিছে তহিলং৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনৰীয়া হাতীয়ে কৰি আহিছে পথ অৱৰোধ৷ চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথছোৱা প্ৰতিদিনে বনৰীয়া হাতীয়ে অৱৰোধ কৰি আহিছে৷ উক্ত পথেৰে যাওঁতে যদি আপুনি সজাগ আৰু সচেতন নহয়, যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে অঘটন৷

খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই এতিয়া জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিছে হাতীৰ জাক৷ বনৰীয়া হাতীৰ ভয়ত সম্প্ৰতি উজাগৰী নিশা কটাবলগীয়া হৈছে ৰঙাপৰা, বালিপৰা আৰু চাৰিদুৱাৰ অঞ্চলৰ ৰাইজ৷ হাতীৰ জাকে পকা ধাননি পথাৰ গচকি তহিলং কৰাৰ লগতে ঘৰ–দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ ধাননি পথাৰ ৰক্ষা কৰাৰ বাবে এতিয়া একাংশ কৃষকে টঙিঘৰ সাজি পহৰা দিবলগীয়া হৈছে৷
Published by: Sanjay Kumar Das
First published: November 4, 2020, 3:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি