ৰঙাপৰাত এতিয়া চৌদিশে হাতী আৰু হাতী, বন্যহস্তীৰ কেইবাটাও জাকে সৃষ্টি কৰিছে ত্ৰাসৰ

বন্যহস্তীৰ জাকে ধাননি পথাৰ গছকি তহিলং কৰাত মূৰে–কপালে হাত দিছে কৃষক ৰাইজে৷
বন্যহস্তীৰ জাকে ধাননি পথাৰ গছকি তহিলং কৰাত মূৰে–কপালে হাত দিছে কৃষক ৰাইজে৷
- News18 Assam
- Last Updated: November 23, 2020, 8:48 AM IST
বন্যহস্তীৰ জাকে ধাননি পথাৰ গছকি তহিলং কৰাত মূৰে–কপালে হাত দিছে কৃষক ৰাইজে৷ বন্যহস্তীৰ জাকে চাহ বাগিচাৰ মাজত বিচৰণ কৰাত অতি ভয় আৰু শংকাৰ মাজেৰে বাগিচাৰ চাহ শ্ৰমিকসকলে পাত তুলিবলগীয়া হৈছে৷ একাংশ লোকে বন ধবংস কৰি ফৰেষ্ট ভিলেজ স্থাপন কৰিছে, যাৰ ফলত বন্যহস্তীবোৰ খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে৷
সোণাই ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক পুনৰ বনাঞ্চললৈ খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে৷ যাৰ বাবেই এতিয়া ৰঙাপৰাত হাতী আৰু মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে৷