নুমলীগড়ত বন্যহস্তী আৰু মানুহৰ ভয়াৱহ সংঘাত, খাদ্যৰ সন্ধানত ওলাই অহা হাতীক ধনু-কাঁড়েৰে আক্ৰমণ

ঘটনাৰ স্থান নুমলীগড়ৰ মৰঙী পথাৰ আৰু বিহৰা চাহ বাগিচাৰ বৰলাইন, মিকিৰ চাং অঞ্চল।
ঘটনাৰ স্থান নুমলীগড়ৰ মৰঙী পথাৰ আৰু বিহৰা চাহ বাগিচাৰ বৰলাইন, মিকিৰ চাং অঞ্চল।
- News18 Assam
- Last Updated: September 23, 2020, 10:41 AM IST
ঘটনাৰ স্থান নুমলীগড়ৰ মৰঙী পথাৰ আৰু বিহৰা চাহ বাগিচাৰ বৰলাইন, মিকিৰ চাং অঞ্চল। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে ধাননি পথাৰ খাই–গচকি তহিলং কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও বাসগৃহ। বাসগৃহৰ লগতে ঘৰৰ টি ভি ,আলমিৰা, আচবাব সকলো লণ্ডভণ্ড কৰে হাতীয়ে।
উপায়ন্তৰ হৈ গাওঁবাসীয়ে হাতে হাতে জুই, ধনু-কাঁড় লৈ আক্ৰমণ কৰিছে বন্যহস্তীক। দিনৰ ভাগত কাষৰ চাহ বাগিচাত অৱস্থান কৰি থকা হাতীৰ জাকটোৱে নিশা হ’লেই প্ৰৱেশ কৰে গাঁওসমূহত। বন বিভাগৰ লোকক বাৰম্বাৰ খবৰ দিওঁ কোনো সুফল নোপোৱাৰ অভিযোগ গাঁওবাসীৰ। যাৰ ফলত নুমলীগড়ত অধিক জটিল হৈ পৰিছে হাতী–মানুহৰ সংঘাত।