হাতীৰ উপদ্ৰৱত টোপনি নহা হৈছে নুমলীগড়বাসীৰ, একেনিশাই ভাঙিলে ১৫টা পৰিয়ালৰ বাসগৃহ

News18 Assam | News18-Assam
Updated:September 27, 2020, 4:12 PM IST
হাতীৰ উপদ্ৰৱত টোপনি নহা হৈছে নুমলীগড়বাসীৰ, একেনিশাই ভাঙিলে ১৫টা পৰিয়ালৰ বাসগৃহ
প্ৰত্যেক দিনাই হাতীৰ বৃহৎ জাকে খাই–গচকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ।

প্ৰত্যেক দিনাই হাতীৰ বৃহৎ জাকে খাই–গচকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ।

  • News18 Assam
  • Last Updated: September 27, 2020, 4:12 PM IST
  • Share this:
নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। এটা দুটা নহয়, একেনিশাই বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে ১৫টাকৈ পৰিয়ালৰ বাসগৃহ। হাতীৰ জাকে ওৰে নিশা ত্ৰাস চলাই নুমলীগড়ৰ মিকিৰ চাং, বৰচাপৰি, নুমলীগড় চাহ বাগিচাৰ ৫নং লাইনত। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকসকলৰ। হাতীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰত থকা অলমিৰা, টিভি, চাইকেল, বিছনা আদি সামগ্ৰী, খাই নষ্ট কৰে চাউল, ধান।

দীর্ঘদিনে অঞ্চলকেইটাত অব্যাহত আছে হাতী–মানুহৰ সংঘাত। প্ৰত্যেক দিনাই হাতীৰ বৃহৎ জাকে খাই–গচকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ।

খবৰ দিয়াৰ পিছতো বন বিভাগৰ লোক হাতী খেদিবলৈ নহাৰ অভিযোগ অঞ্চলবাসীৰ। উপায়ন্তৰ গাঁওবাসীয়ে উজাগৰে থাকি হাতে হাতে জুই-শেল লৈ পহৰা দিব লগা হৈছে নিজৰ ঘৰ–পৰিয়ালৰ লগতে খেতি পথাৰত।
Published by: Sanjay Kumar Das
First published: September 27, 2020, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading