ভোগ আগবঢ়াই বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰিলে মৰিয়নীৰ পুখুৰীয়া গাঁওবাসীয়ে

News18 Assam | News18-Assam
Updated:October 29, 2020, 12:33 PM IST
ভোগ আগবঢ়াই বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰিলে মৰিয়নীৰ পুখুৰীয়া গাঁওবাসীয়ে
গাঁৱৰ মহিলাসকলে নেদেখাজনৰ  শৰণাপন্ন হৈ এগছি বন্তি প্ৰজ্বলন কৰি দুখন শৰাই সঁজাই পায়স, কল, কুঁহিয়াৰ আদি ভোগ আগৱঢ়াই গজৰাজলৈ।

গাঁৱৰ মহিলাসকলে নেদেখাজনৰ  শৰণাপন্ন হৈ এগছি বন্তি প্ৰজ্বলন কৰি দুখন শৰাই সঁজাই পায়স, কল, কুঁহিয়াৰ আদি ভোগ আগৱঢ়াই গজৰাজলৈ।

  • Share this:
মৰিয়নীত ভয়ংকৰ ৰূপ লৈছে হস্তী-মানুহৰ সংঘাতে। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে মৰিয়নীৰ বিভিন্ন অঞ্চলৰ লগতে পুখুৰীয়া গাঁৱত ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই ধাননি পথাৰ তহিলং কৰি বাসগৃহ ভাঙি ত্ৰাস চলাই আহিছে।

আনহাতে, শেহতীয়াকৈ বন্যহস্তীৰ জাকটোৱে পুখুৰীয়া গাঁৱৰ বৰ নামঘৰটোত আক্ৰমণ কৰি মণিকুট ভঙাৰ লগতে গুৰু আসন ভাঙি লণ্ডভণ্ড কৰি বাহিৰলৈ দলিয়াই দিছিল। বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে পুখুৰীয়া গাঁওবাসীয়ে প্ৰতিনিশাই উজাগৰে আতংকত দিন কটাবলগীয়া হৈছে।

ইফালে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁওবাসীক বন বিভাগ তথা চৰকাৰ–প্ৰশাসনে ৰক্ষা কৰিব নোৱাৰাত অৱশেষত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীয়া গাঁওবাসীয়ে গজৰাজলৈ ভোগ আগৱঢ়াই শৰণাপন্ন হোৱা দেখা গ'ল ভগৱানৰ। পুখুৰীয়া গাঁওৰ মহিলাসকলে ভোগদৈ নৈৰ পাৰত বন্যহস্তীৰ জাক অহা–যোৱা কৰা পথত গজৰাজলৈ ভোগ আগৱঢ়োৱাৰ লগতে গণেশ বাবাক পূজা–অৰ্চনা কৰি বন্য হস্তীজাকৰ কুদৃষ্টিৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ ভগৱন্তৰ প্ৰতি প্ৰাৰ্থনা জনায়।

গাঁৱৰ মহিলাসকলে নেদেখাজনৰ  শৰণাপন্ন হৈ এগছি বন্তি প্ৰজ্বলন কৰি দুখন শৰাই সঁজাই পায়স, কল, কুঁহিয়াৰ আদি ভোগ আগৱঢ়াই গজৰাজলৈ। আনহাতে, গাঁৱৰ এগৰাকী মহিলাই বন বিভাগ তথা চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে, 'হাতী খেদিবলৈ অহা বন বিভাগৰ লোকসকলৰ গুলী নুফুটে। বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আমি খেতি কৰিবলৈ কেতিয়াবাই এৰিলো।এতিয়া অন্তত আমাক জীয়াই থাকিবলৈ সুবিধা অকণ কৰি দিয়ক।’
Published by: Sanjay Kumar Das
First published: October 29, 2020, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading