নগাঁৱৰ কন্দলিত বন্যহস্তীৰ (Wild Elephant) উপদ্ৰৱ অব্যাহত ৷ নিশা কন্দলি নৱৰূপ আদৰ্শ গাঁৱত তাণ্ডৱ চলাই কেইবাটাও পকীঘৰ সহ ধানৰ ভড়াল ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীৰ জাকে ৷ বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয় গৃহস্থ।
বিগত কিছুদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ ইয়াৰ পূূূ্ৰ্বেও উক্ত অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰিছিল।বন্যহস্তীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছিল। সোমবাৰে নিশা পুনৰ দেখা গল অনুৰূপ দৃশ্য।
ইফালে ৰাইজে অভিযোগ কৰে যে হাতী খেদিবলৈ ফোন কৰিও বিচাৰি নাপায় বন বিভাগ (Forest Department)ৰ লোকক ৷ স্থানীয় ৰাইজে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে কঠিয়াতলী আৰু কন্দলিৰ বন কৰ্মী সকলৰ বিৰুদ্ধে ৷ ৰাইজৰ জীৱন-সম্পত্তি নিৰাপত্তা দিব নোৱৰা বন বিভাগৰ প্ৰতি ক্ষোভ উজাৰিছে ৰাইজে। বনকৰ্মীৰ নিৰ্লিপ্ততাত প্ৰতি নিশা উজাগৰে থাকি হাতী খেদিব লগা হৈছে ৰাইজে ।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 24, 2021, 13:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।