অৰুণাচলৰ দিশৰ পৰা অহা হাতীৰ জাকটো দিনৰ ভাগত চাপৰিত অৱস্থান কৰে আৰু আন্ধাৰ নামি অহাৰ লগে লগেই পকা ধানৰ গোন্ধ লৈ তহিলং কৰে কৃষি পথাৰ।
অৰুণাচলৰ দিশৰ পৰা অহা হাতীৰ জাকটো দিনৰ ভাগত চাপৰিত অৱস্থান কৰে আৰু আন্ধাৰ নামি অহাৰ লগে লগেই পকা ধানৰ গোন্ধ লৈ তহিলং কৰে কৃষি পথাৰ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীৰ জাকে সম্প্ৰতি টোপনি কাঢ়িছে যোৰহাটৰ জাঁজীমুখৰ নৈপৰীয়া জনতাৰ। যোৱানিশা প্ৰায় ৭০টা বন্যহস্তীৰ এটা জাকে জাঁজীমুখ অঞ্চলৰ জপং গাঁও, তিঘৰীয়া, বৰমথাউৰি, চোমনি চাপৰি, বেজৰচিগা আদি গাঁওসমূহত বিস্তৰ ক্ষ্যতিসাধন কৰে। মূলত কৃষকসকলৰ পকা ধাননি পথাৰখন একপ্ৰকাৰ নিঃশেষ কৰি থৈ যায় বন্যহস্তীৰ জাকটোৱে।
নিশা প্ৰায় ১০ মান বজাত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা ওলাই অহা হাতীৰ জাকটো খেদি পঠিয়াবলৈ অঞ্চলবাসী ৰাইজে হাতে হাতে জোৰ লৈ, পথাৰৰ মাজত জুই জ্বলাই চেষ্টা কৰে যদিও কোনো সুফল লাভ নকৰিলে। আৰু ওৰে নিশা কেইবা হেক্টৰ কৃষিভূমিৰ পকিবলৈ ধৰা শালি ধান খাই তহিলং কৰি থৈ যায়। ইপিনে বেজৰচিগা গাঁৱৰ নালিয়া বৰা নামৰ ব্যক্তি জনৰ ভৰাল ঘৰটোও ভাঙি ভৰালৰ সমুদায় ধান খাই থৈ যায়।
বন্যহস্তীৰ জাকটোৰ এনে উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি নিশাই যোৰহাট বন সংমণ্ডলৰ লগত যোগাযোগ কৰে যদিও কোনো সদুত্তৰ লাভ নকৰিলে বুলি স্থানীয় ৰাইজে ক্ষোভেৰে জানিবলৈ দিয়ে।
মূলতঃ কাতি, আঘোণ মাহত প্ৰতি বছৰেই উক্ত হাতীৰ জাকটোৱে অঞ্চলটোত অঞ্চলটোৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। অৰুণাচলৰ দিশৰ পৰা অহা হাতীৰ জাকটো দিনৰ ভাগত চাপৰিত অৱস্থান কৰে আৰু আন্ধাৰ নামি অহাৰ লগে লগেই পকা ধানৰ গোন্ধ লৈ তহিলং কৰে কৃষি পথাৰ।
উক্ত দীৰ্ঘদিনীয়া সমস্যাক লৈ বাৰম্বাৰ জিলা প্ৰশাসন অথৱা চৰকাৰক অঞ্চলবাসী ৰাইজে অৱগত কৰি আহিছে যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। আনকি হাতী খেদিবলৈ গৈ মৃত্যক সাবটিবলগীয়া হোৱা ঘটনাও সংঘটিত হৈছে যদিও তেনে ঘটনাৰ পিছতো সঠিক সমাধানৰ বাবে আজি পৰ্যন্ত ব্যৱস্থা নললে সংশ্লিষ্ট বিভাগে।
এই সন্দৰ্ভত কেইবাগৰাকীও ভুক্তভোগী কৃষকে ক্ষোভেৰে কয় - জাঁজীমুখ যিহেতু এটা বান বিধ্বস্ত অঞ্চল, বাৰিষাৰ বানে সমগ্ৰ অঞ্চলটো একপ্ৰকাৰ বিধ্বস্ত কৰি থৈ যোৱাৰ পাছত যি দুই এডৰাকৈ কৃষি কৰ্ম কৰে, সেয়াও খৰালিৰ দিনত বন্যহস্তীয়ে নিঃশেষ কৰি থৈ যায়। আমাৰ ওপৰত চৰকাৰৰ কোনো দিন সুদৃষ্টি নপৰিল। কি কৰি জীয়াই থাকিম আমি বুলি চকুলো টোকে কেইবাগৰাকীও দুৰ্ভগীয়া কৃষকে।
উল্লেখ্য যে বিগত সময়ত যোৰহাট জিলাৰ বানেগৰকা জাঁজীমুখ অঞ্চলৰ হাতী মানুহৰ সংঘাতৰ দৰে ভয়ংকৰ সমস্যা ৰুধিবলৈ বন বিভাগে চ'লাৰ ফেঞ্চিঙৰ দৰে আঁচনি যুগুতাইছিল যদিও, সেয়া কাগজে কলমেহে হ' ল যদিও কাৰ্যতঃ বুমেৰাঙতৰহে পৰিণত হ’ল বুলিও মন্তব্য কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|