• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত বৃদ্ধি পাইছে হাতী–মানুহৰ সংঘাত, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ, দোকান, স্কুলৰ আচবাব

হোজাইত বৃদ্ধি পাইছে হাতী–মানুহৰ সংঘাত, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ, দোকান, স্কুলৰ আচবাব

নিশা হোৱাৰ লগে লগে জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে নিতৌ চলাই আছে তাণ্ডৱ।

নিশা হোৱাৰ লগে লগে জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে নিতৌ চলাই আছে তাণ্ডৱ।

নিশা হোৱাৰ লগে লগে জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে নিতৌ চলাই আছে তাণ্ডৱ।

  • Share this:
হোজাইত বৃদ্ধি পাইছে হাতী–মানুহৰ সংঘাত। নিশা হোৱাৰ লগে লগে জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে নিতৌ চলাই আছে তাণ্ডৱ। শেহতীয়াকৈ যোৱা নিশাও হোজাইৰ ৰাইকাটা আৰু কোমৰাকাটা গাঁৱত বনৰীয়া হাতীয়ে পুৱালৈকে চলাই সন্ত্ৰাস। খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰা হাতীয়ে আৰতি বৰ্মনৰ বাসগৃহ, বনমালি দাসৰ গেলামাল দোকান আৰু ৰাইকাটা হাইস্কুলৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে।

ইপিনে ১২টা হাতীৰ জাকটোৰ পৰা এজনী হাতীয়ে নিশা জন্ম দিয়ে এটা পোৱালি। ফলত পোৱালিটোক নিৰাপত্তা দিবলৈ পুৱালৈকে গাঁওখনত জাকটোৱে কৰিলে মুক্ত বিচৰণ।অৱশেষত পুৱা ঘটনাস্থলীত উপস্থিত হোৱা বনকৰ্মীয়ে ৰাইজৰ সহযোগত হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াই যদিও গাঁওখনত অব্যাহত থকা হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ বাবে বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে। অন্যহাতে কণমানি হাতী পোৱালীটোক পুৱা হাতীৰ  জাকটোৱে ভৰিৰে ঠেলি বনাঞ্চললৈ নিয়া দেখিবলৈ পোৱা যায়।
Published by:Sanjay Kumar Das
First published: