ভাৰত–ভূটান সীমান্তত হাতী–মানুহৰ সংঘাতৰ তীব্ৰৰূপ, হাতীৰ আক্ৰমণত এজন প্ৰাণহানি

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:47 PM IST
ভাৰত–ভূটান সীমান্তত হাতী–মানুহৰ সংঘাতৰ তীব্ৰৰূপ, হাতীৰ আক্ৰমণত এজন প্ৰাণহানি
বাক্সাৰ ভাৰত-ভূটান সীমান্তত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী- মানুহৰ সংঘাতে। আজি নাগ্ৰিজুলীত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।

বাক্সাৰ ভাৰত-ভূটান সীমান্তত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী- মানুহৰ সংঘাতে। আজি নাগ্ৰিজুলীত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।

  • Share this:
বাক্সাৰ ভাৰত- ভূটান সীমান্ত অঞ্চলত চূড়ান্ত ৰূপ ধাৰণ কৰিছে হাতী- মানুহৰ সংঘাতে ৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি দৈনিক উপদ্ৰৱ তলাই থকাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ হাতীৰ জাকে বহু পৰিয়ালৰ ঘৰবাৰী ভাঙি চিঙি লণ্ডভণ্ড কৰাৰ উপৰিও কপালৰ ঘাম মাটিত পেলাই কৰা খেতি সমুহো এফালৰ পৰা তহিলং কৰি আহিছে ৷

আনহাতে বনৰীয়া হাতীৰ আক্ৰমনত বহুলোকে অকালতে মৃত্যুকো সাৱটি লৈছে ৷ আজি পুনৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্ৰিজুলীত পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজন হৈছে নাগ্ৰিজুলীৰ ১ নং দোঙাৰগাঁওৰ ৰামপুৰৰ কৃষক মংগল কিস্কু ৷



খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই  নিশাৰ পৰাই গাঁওখনৰ কাষৰীয়া অঞ্চলত বিচৰণ কৰি আছিল। আজি মঙ্গল কিস্কু নামৰ কৃষকজনে  বাল্টি নৈৰ পৰাত গৰু এৰাল দিবলৈ যাওতে বনৰীয়া হাতীৰ জাকটোৰ সৈতে মংগল কিস্কু মুখামুখি হয় । বনৰীয়া হাতীৰ জাকটোৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে  ফালৰি কাটি আহি মংগলক আক্ৰমণ কৰে আৰু মঙ্গলক গচকি হত্যা কৰে।  লগে লগে অঞ্চলটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। পিছত স্থানীয় লোকে স্থানীয়  আৰক্ষী আৰু বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী  উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে পিছত মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। 

সেইদৰে নিশা ভূটান পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতীৰ পৰা  ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত খাণ্ডাজান প্ৰাথমিক বিদ্যালয় খনত প্ৰবেশ কৰি ৰান্ধনী গৃহটোৰ এখন বেৰ ভাঙি লণ্ড কৰাৰ লগতে  বাচন বৰ্তনৰো ব্যাপক ক্ষতি সাধন কৰে ৷  পিচত ৰাইজে  হাতীটোক পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে বছৰৰ পিছত বছৰ ধৰি উপদ্ৰৱ চলাই অহাৰ পিছত ভূটান সীমান্তৰ ৰাইজে বিনীদ্ৰ ৰজনী কটাই আহিছে। হাতী মানুহৰ সংঘাটৰ ফলত কেতিয়াবা যদি মানুহ মৰিছে, কেতিয়াবা মৰিছে বন্যহস্তী। হাতী মানুহৰ সংঘাট ৰোধৰ ক্ষেত্ৰত চৰকাৰ কিম্বা বনবিভাগে লোৱা নাই অভিলাষী আঁঁচনি। অন্ত পৰিবনে হাতী মানুহৰ সংঘাত ? তাকে লৈ এতিয়া ৰাইজৰ মাজত এক ডাঙৰ প্ৰশ্ন।
First published: August 2, 2020, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading