বিগত এটা সপ্তাহত নুমলীগড়ৰ বগীধলা, মৰঙী চাহ বাগিচা, লেটকোজান, মুৰফুলনী,বকিয়াল আদি অঞ্চলত প্ৰায় ৫০টাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৩ জন লোকে।
বিগত এটা সপ্তাহত নুমলীগড়ৰ বগীধলা, মৰঙী চাহ বাগিচা, লেটকোজান, মুৰফুলনী,বকিয়াল আদি অঞ্চলত প্ৰায় ৫০টাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৩ জন লোকে।
নুমলীগড় ত এতিয়া দৈনিক চলিছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। দৈনিক ভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ । বন্যহস্তীৰ জাকে এফালৰপৰা ঘৰ বাৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে, খেতি-পথাৰ খাই-গচকী কৰিছে অনিষ্ট । বিগত এটা সপ্তাহত নুমলীগড়ৰ বগীধলা, মৰঙী চাহ বাগিচা, লেটকোজান, মুৰফুলনী,বকিয়াল আদি অঞ্চলত প্ৰায় ৫০টাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৩ জন লোকে । এতিয়া নিশা গাঁওবাসী উজাগৰে থাকি হাতী খেদিব লগা হোৱাৰ লগতে ৰক্ষা কৰিব লগা হৈছে নিজৰ প্ৰাণ ।
ইফালে উপায়ন্তৰ বনকর্মী সকল। স্থানীয় খণ্ড বন কাৰ্য্যালয়সমূহত নাই হাতী খেদিব পৰাকৈ উপযুক্ত সা-সঁজুলি। নুমলীগড়ৰ বন্যহস্তীৰ উপদ্ৰৱ চলি থকা অঞ্চল সমূহৰ বন কাৰ্য্যালয়সমূহত নাই উপযুক্ত আৰু পৰ্যাপ্ত বনকর্মীৰ দল। বৰ্তমান বকিয়াল খণ্ড বন কাৰ্য্যালয়ত ৫জন বনকর্মী, নুমলীগড় খণ্ড বন কাৰ্য্যালয়ত আছে ৬ জন বনকর্মী, মুৰফুলনী খণ্ড বন কাৰ্য্যালয়ত আছে ৩ জন বনকর্মী, শ্যামৰায় পূৰ বন কাৰ্য্যালয়ত আছে ২জন বনকর্মী ।
ইফালে বন কাৰ্য্যালয় সমূহত অভাৱ বাহনৰ যাৰ বাবে হাতী খেদিবলৈ সময় মতে উপস্থিত হব নোৱাৰে অঞ্চল সমূহত । যাৰ বাবে এতিয়া একাংশ বনকৰ্মীকে আক্ৰমণ কৰিছে দুৰ্ভগীয়া গাঁওবাসীয়ে । সকলো জানিও গোলাঘাট জিলা বন সংমণ্ডলে এই সমূহ বন্যহস্তী উপদ্ৰৱ হোৱা অঞ্চলৰ কাৰ্য্যালয়ত কিয় বনকর্মী আৰু সা- সুবিধা প্ৰদান কৰিব পৰা নাই সেয়াহে ডাঙৰ কথা। এক কথাত এই হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই গোলাঘাট বন বিভাগৰ ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|