নুমলীগড়ত হাতী খেদিবলৈ বনকৰ্মীয়ে চলোৱা গুলী লাগি আহত তিনিজন

News18-Assam
Updated:November 17, 2019, 9:23 AM IST
নুমলীগড়ত হাতী খেদিবলৈ বনকৰ্মীয়ে চলোৱা গুলী লাগি আহত তিনিজন
হাতীৰ জাকটোৱে ওৰেনিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত।

হাতীৰ জাকটোৱে ওৰেনিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত।

  • Share this:
নুমলীগড়ত হাতী–মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ। শনিবাৰে দিন–দুপৰতে এটা বন্যহস্তীয়ে NRL চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো বাইক। ইফালে, সন্ধিয়াৰ ভাগত ৬০-৭০টা হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায় মুৰফুলনী অঞ্চলত। হাতী খেদিবলৈ বনকর্মীৰ দলে গুলী চালনা কৰোতে আহত হয় তিনিজনকৈ লোক।

হাতীৰ জাকটোৱে ওৰেনিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত। উজাগৰে থাকি স্থানীয় লোকসকলে হাতে হাতে জুই লৈ, ফটকা ফুটাই খেদিব লগা হয় হাতী। মূলত হাতীৰ বসতিস্থলত হোৱা অবাধ বেদখলৰ ফলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী–মানুহৰ সংঘাতে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি