হোজাইত পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত বিদ্যুৎ পৰিবাহী তাৰ ছিগি পৰাত আহত হয় এজন ব্যক্তি। ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰাত আহত হোৱা পথচাৰীজন ইছলামনগৰ অঞ্চলৰ ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে।
আশীনগৰ অঞ্চলত এই ঘটনা সংঘটিত হয়। ব্যক্তিজনে পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত হঠাতে ছিগা তাৰৰ সংস্পৰ্শলৈ আহে তেওঁ।
কিন্তু সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোকজনৰ। পথত আন বহু পথচাৰী আছিল যদিও কোনো লোক বিদ্যুতস্পৃষ্ট হোৱা নাই। আহত ছাদ্দাম হুছেইনক সংকটজনক অৱস্থাত হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|