মৃত লোকজনৰ নাম জিয়াৰুল হক৷ লোকজনৰ ঘৰ বঙাইগাঁৱৰ গৰাইমাৰীত৷ দীৰ্ঘ সময় ধৰি টিনপাতৰ ওপৰত ওলমি থাকে লোকজন
মৃত লোকজনৰ নাম জিয়াৰুল হক৷ লোকজনৰ ঘৰ বঙাইগাঁৱৰ গৰাইমাৰীত৷ দীৰ্ঘ সময় ধৰি টিনপাতৰ ওপৰত ওলমি থাকে লোকজন
চিৰাঙৰ ছাপাগুৰিত শক্তি বিভাগৰ কাৰ্যালয়ত অঘটন৷ কাৰ্যালয় চৌহদত টিনপাতত ৰং দিবলৈ উঠি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন লোকৰ৷ ঘৰৰ ওপৰত থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যু হয় ৰং মিস্ত্ৰীজনৰ৷
মৃত লোকজনৰ নাম জিয়াৰুল হক৷ লোকজনৰ ঘৰ বঙাইগাঁৱৰ গৰাইমাৰীত৷ দীৰ্ঘ সময় ধৰি টিনপাতৰ ওপৰত ওলমি থাকে লোকজন। পিছত এছডিআৰএফৰ দল উপস্থিত হৈ লোকজনৰ মৃতদেহ টিনপাতৰ ওপৰৰ পৰা নমাই আনে৷ বিভাগীয় কাৰ্যালয়ত বিদ্যুৎ কৰ্তন অবিহনে উচ্চ বিদ্যুৎ পৰিবাহী তাৰৰ তলত এইদৰে বিপজ্জনকভাৱে টিনপাতৰ ওপৰত শ্ৰমিকক কাম কৰাৰ অনুমতি প্ৰদান কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|