সৰুপথাৰত শক্তি বিভাগৰ গাফিলতিৰ বাবে সংঘটিত হ’ল এক অঘটন। সোমবাৰে আবেলি নিৰ্মিয়মান নাওজান উপ–বিদ্যুৎ কেন্দ্ৰত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে অগ্নিদগ্ধ হয় এজন শ্ৰমিক। অগ্নিদগ্ধ হোৱা শ্ৰমিক জনৰ নাম জয় প্ৰকাশ চৌহান। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত শ্ৰমিকজনক চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ লগতে তাত উপস্থিত থকা সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ সকলো বিষয়ববীয়াই।
দেহৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা শ্ৰমিকজনক স্থানীয় লোক আৰু নাওজান আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰায় সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। কিন্তু শ্ৰমিকজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ।
নাওজান উপ–বিদ্যুৎ কেন্দ্ৰটোৰ নিৰ্মাণৰ দায়িত্ব আছিল গুৱাহাটিৰ উইন পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ চুপাৰভাইজাৰ হিচাপে নিয়োজিত আছিল সুনীল গগৈ নামৰ এজন লোক। আহত জয় প্ৰকাশ চৌহান উইন পাৱাৰ ইনফ্ৰা নামৰ কোম্পানীটোৰে ঠিকাভিত্তিক কৰ্মচাৰী। সোমবাৰে চুপাৰভাইজাৰ সুনীল গগৈয়ে জয় প্ৰকাশক বিদ্যুতৰ খুটাত উঠাই ফেইজ সংযোগ কৰিবলৈ দিছিল। কিন্তু শ্ৰমিকজনে ফেইজ লগাই থাকোতেই চুপাৰভাইজাৰ সুনীল গগৈয়ে বিদ্যুৎ সংযোগৰ ছুইচ অন কৰি দিয়াত বিদ্যুৎস্পৃষ্ট হৈ অগ্নিদগ্ধ হৈ ওপৰৰ পৰা ছিটিকি মাটিত পৰি যায়। তাৎপর্যপূর্ণ কথা এই যে সেই সময়ত নিৰ্মিয়মান উপ–কেন্দ্ৰটোত উপস্থিত আছিল সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ কেইবাজনো বিষয়ববীয়া।
ইফালে সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াসকলে সমগ্ৰ দোষ কেৱল ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ছুপাৰভাইজাৰ সুনীল গগৈৰ ওপৰত জাপি দি দায়িত্ব সামৰিবলৈ চেষ্টা কৰে। সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ এজন বিষয়াই কয়, নাওজান উপ–বিদ্যুৎ কেন্দ্ৰৰ দায়িত্ব তেওঁলোকক হস্তান্তৰ কৰা নাছিল ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। কেৱল পৰীক্ষণৰ বাবেহে কেন্দ্ৰটোলৈ বিদ্যুৎ সংযোগ দিয়া হৈছিল। কিন্তু সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াৰ অনুমতি নোলোৱাকৈ অকৰ্তৃত্বশীলভাৱে সুনীল বৰাই নিজেই বিদ্যুৎ সংযোগৰ ছুইচ অন কৰাৰ ফলতেই সংঘটিত হৈছিল এই ঘটনা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 28, 2020, 13:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।