News18 AssamNews18 Assam
|
News18-Assam Updated:July 28, 2020, 4:39 PM IST
ঢেকীয়াজুলিৰ চিৰাজুলি গাঁৱৰ নাৰায়ণ অধিকাৰী নামৰ লোকজনে সোমবাৰে মাছ ধৰিবলৈ গৈ জলাশয়ত সন্ধানহীন হৈছিল৷
ঢেকীয়াজুলিৰ চিৰাজুলি গাঁৱৰ নাৰায়ণ অধিকাৰী নামৰ লোকজনে সোমবাৰে মাছ ধৰিবলৈ গৈ জলাশয়ত সন্ধানহীন হৈছিল৷
কোৰোণাৰ আতংকৰ মাজতে মাছ মাৰিবলৈ গৈ জলাশয়ত পৰি সন্ধানহীন হোৱা ঢেকীয়াজুলিৰ চিৰাজুলি গাঁৱৰ নাৰায়ণ অধিকাৰী নামৰ লোকজনৰ মৃতদেহ অৱশেষত মঙলবাৰে উদ্ধাৰ কৰে SDRFবাহিনীয়ে৷ জানিব পৰা মতে, ঢেকীয়াজুলিৰ চিৰাজুলি গাঁৱৰ নাৰায়ণ অধিকাৰী নামৰ লোকজনে সোমবাৰে মাছ ধৰিবলৈ গৈ জলাশয়ত সন্ধানহীন হৈছিল৷ সোমবাৰৰ পৰা SDRF বাহিনীয়ে লোকজনক উদ্ধাৰৰ বাবে অভিযান চলাইছিল। তেজপুৰৰ SDRF বাহিনী আৰু ঢেকীয়াজুলিস্থ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আৰু বিপদ বন্ধু বাহিনীৰ কৰ্মকৰ্তাই বহু চেষ্টাৰ অন্তত আজি নাৰায়ণ অধিকাৰীৰ মৃতদেহ জলাশয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে বিল সদৃশ এই জলাশয়ত মাছ মাৰি থাকোতে হঠাতে পিছলি লোকজন সন্ধানহীন হৈছিল। মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।