• Home
  • »
  • News
  • »
  • assam
  • »
  • খৰি লৈ ঘৰলৈ আহি থকা অৱস্থাত ব্ৰজপাতত মৃত্যু নাজিৰাৰ ব্যক্তিৰ

খৰি লৈ ঘৰলৈ আহি থকা অৱস্থাত ব্ৰজপাতত মৃত্যু নাজিৰাৰ ব্যক্তিৰ

ব্যক্তিজনে ইহসংসাৰত পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷

ব্যক্তিজনে ইহসংসাৰত পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷

ব্যক্তিজনে ইহসংসাৰত পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷

  • Share this:

নাজিৰাৰ মনাইটিঙত আজি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। ব্ৰজ পৰি থিতাতে নিহত হয় এজন ব্যক্তি। নিহত ব্যক্তিজন নাজিৰা  মনাইটিং গড়বস্তিৰ জিতেন কৰ্মকাৰ(৪৮) ৷ আবেলি প্ৰায় তিনিমান বজাত বাগনৰ পৰা খৰি লৈ ঘৰলৈ আহি থকা সময়তে  ব্যক্তিজনৰ গাত বজ্ৰ পৰে৷


স্থানীয় লোক আৰু পৰিয়ালৰ লোকে ব্যক্তিজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ মেকিপুৰ বাগিচাৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক৷ মৃত ব্যক্তিজনে ইহসংসাৰত পত্নী আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়৷  কৰ্মকাৰে অকস্মিকভাৱে মৃত্যুক সাৱটি লোৱাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পত্নী তথা আত্মীয়স্বজন৷

Published by:Gautam Barman
First published: