তিনিচুকীয়াত শোকাৱহ ঘটনা। পেৰাগ্লাইডাৰৰ পৰা পৰি এজন লোকৰ মৃত্যু। এই ঘটনা গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হয়। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মৃত লোকজনৰ ঘৰ লখিমপুৰত, নাম পংকজ গগৈ। পেৰাগ্লাইডাৰৰ পৰা সৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ।
উল্লেখযোগ্য যে পেৰাগ্লাইডাৰৰ পৰা মৃত্যু হোৱাৰ ঘটনা এয়া প্ৰথম নহয়। ১০ জানুৱাৰীত হিমাচল প্ৰদেশৰ বীৰ বিলিং পেৰাগ্লাইডিং ছাইটত ঋষভ ত্ৰিপাঠী নামৰ এটি ১২ বছৰীয়া কিশোৰৰ মৃত্যু হৈছিল পেৰাগ্লাইডাৰৰ পৰা পৰি।