• Home
  • »
  • News
  • »
  • assam
  • »
  • Tragic Incident: মৃত্যু হ'ল পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হোৱা জিতু ঠাকুৰীয়াৰ

Tragic Incident: মৃত্যু হ'ল পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হোৱা জিতু ঠাকুৰীয়াৰ

Electrocution: লোকজনক ততাতৈয়াকৈ প্ৰথমে মিৰ্জা মেডিকেল তাৰ পিছত নেমকেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় জিতু ঠাকুৰীয়াই।

  • Share this:
মৃত্যু হ'ল পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট (Electrocution) হোৱা লোকজনৰ ।

আজি বিয়লি ৰাষ্ট্ৰীয় পতাকা (National Flag) নমাবলৈ গৈ বিধায়কজনৰ কাৰ্য্যলয়ত বিদ্যুৎস্পৃষ্ট হৈছিল জিতু ঠাকুৰীয়া নামৰ লোকজন।

পলাশবাৰীৰ উপৰহালীস্থিত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া (MLA Hemanga Thakuria)ৰ কাৰ্যালয়ত ঘটিছিল এই শোকাৱহ অঘটন।

আজি পুৱা বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ কাৰ্যালয়ত উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা ।

পতাকা উত্তোলন স্থলীৰ নিচেই কাষত আছে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ ।

পতাকা উত্তোলন কৰা মাৰি দাল লোৰ হোৱা বাবে যুৱকজনে অকলে নোমোৱাৰ সময়ত তাৰ ভৰ ৰাখিব নোৱাৰিলে আৰু ওচৰেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি লোকজন মাটিত পৰি যায় ।

লোকজনক ততাতৈয়াকৈ প্ৰথমে মিৰ্জা মেডিকেল তাৰ পিছত নেমকেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় জিতু ঠাকুৰীয়াই।

জিতু ঠাকুৰীয়াৰ ঘৰত আছে পত্নী দুটিকৈ কনমানি সন্তান ।
Published by:Manjumoni Borah
First published: