পৰিয়ালৰ ৭জন সদস্য কোৰোণাত আক্ৰান্ত হৈ হাস্পতালত, ঘৰত বৃদ্ধ পিতৃৰ মৃত্যু

২৯ আগষ্টত পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলৰ সেৱক সিনহা নামৰ লোকজনৰ লগতে পৰিয়ালটোৰ সাতজন সদস্যৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।
২৯ আগষ্টত পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলৰ সেৱক সিনহা নামৰ লোকজনৰ লগতে পৰিয়ালটোৰ সাতজন সদস্যৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।
- News18 Assam
- Last Updated: September 8, 2020, 12:36 PM IST
২৯ আগষ্টত পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলৰ সেৱক সিনহা নামৰ লোকজনৰ লগতে পৰিয়ালটোৰ সাতজন সদস্যৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। তাৰ পিছতে আটাইকে ভৰ্তি কৰোৱা হয় হাস্পতালত। পৰিয়ালটোৰ বৃদ্ধ পিতৃৰ আৰু এগৰাকী নবোৱাৰীৰ কোভিড পৰীক্ষাৰ ফলাফল আহিছিল নিগেটিভ। বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল পিতৃ ৰাধাকান্ত সিনহা। পৰিয়ালটোৰ আটাইকেইজনৰ কোৰোণা হোৱাত মানসিকভাৱে ভাগি পৰি অধিক অসুস্থ হৈ পৰিছিল ৰাধাকান্ত সিনহা। সোমবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে।
গাঁৱৰ লোকে লোকজনৰ শেষকৃত্যৰ বাবে সকলো সাজু কৰিলে। কিন্তু মুখাগ্নি কোনে কৰিব তাক লৈ বিপাঙত পৰে ৰাইজ। অৱশ্যে ৮ দিনৰ মূৰত পৰিয়ালৰ সকলোৰে কোৰোণা পৰীক্ষাৰ ফল নিগেটিভ অহাত নিশা ৯ মান বজাত ঘৰত উপস্থিত হয় আটাইকেইজন সদস্য। পৰিয়ালৰ উপস্থিতিত নিশা লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।