মুখ্যপৃষ্ঠা »খবৰ »অসম »বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু যুৱকৰ, ৰহাৰ নামগাঁৱত শোকাকুল পৰিৱেশ

বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু যুৱকৰ, ৰহাৰ নামগাঁৱত শোকাকুল পৰিৱেশ

ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।

ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।

ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।

  • Share this:
নতুন বছৰক আদৰিবলৈ গৈ ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত বন্যহস্তীৰ হাতত প্ৰাণ হেৰুৱালে ৰহাৰ নামগাঁৱৰ সৰবৰহী যুৱক নিপুল বৰদলৈয়ে। সম্ভাৱনাময় নাট্য শিল্পী তথা শিক্ষক নিপুল বৰদলৈৰ মৃত্যুত ৰহাৰ বিভিন্ন দল সংগঠনে শোঁক প্ৰকাশ কৰিছে।

ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।বনভোজস্থলীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় বনভোজ খাবলৈ যোৱা এগৰাকী যুৱক। নিহত যুৱকজন ৰহাৰ নামগাঁৱৰ নিপুল বৰদলৈ।

উল্লেখযোগ্য যে দেওবাৰে বিয়লি শিৱকুণ্ডৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰিছিল বনভোজকাৰী দলটোক। উক্ত হাতীৰ জাকটোৰ আক্ৰমণতে নিহত হয় ৰহাৰ যুৱকজন। অৱশ্যে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথপমি প্ৰাণৰক্ষা পৰে আন বনভোজকাৰী দলসমূহ। পৰবৰ্তী সময়ত আমচৈ আৰক্ষী আৰু বন বিভাগৰ লোকে বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ৰহা থানা অন্তৰ্গত নামগাঁৱৰ সম্ভাৱনাময় নাট্য শিল্পী তথা বৃত্তিত এগৰাকী শিক্ষক তথা সুদক্ষ অভিনেতা নিপুল বৰদলৈৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰিছে ৰহাবাসী ৰাইজ। শিক্ষকতাৰ উপৰিও সামাজিক কাম–কাজ আৰু নাট্য জগতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা নিপুল বৰদলৈৰ মৃত্যুত ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ, কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী, ৰহা শাখা সাহিত্য সভাই শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

শেহতীয়া বাতৰি