• Home
  • »
  • News
  • »
  • assam
  • »
  • কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

মৃত ৰঞ্জিত বৰদলৈৰ ধানৰ মিলটো বন্যহস্তীয়ে উপদ্ৰৱ চলায় ভাঙি চুৰমাৰ কৰাৰ পিছত হাতী খেদিবলৈ গৈছিল লোকজন ৷

  • Share this:
কামপুৰ ৰজাগাঁও দক্ষিণ জড় বাগানত পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ৷ পুৱতিনিশা হাতী খেদিবলৈ গৈ বন্যহস্তীৰ আক্ৰমনত মৃত্যু হয় লোকজনৰ৷ মৃত্যু হোৱা লোকজনৰ নাম ৰঞ্জিত বৰদলৈ৷ হাতী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই ঘটনাস্থলীত উপস্থিত নহ'ল বন বিভাগৰ লোক৷ মৃত ৰঞ্জিত বৰদলৈৰ ধানৰ মিলটো বন্যহস্তীয়ে উপদ্ৰৱ চলায় ভাঙি চুৰমাৰ কৰাৰ পিছত হাতী খেদিবলৈ গৈছিল লোকজন ৷ বন বিভাগক জবাবদিহি কৰিলে ৰাইজে৷
Published by:Sanjay Kumar Das
First published: