কলিয়াবৰ ৰেকাপাহাৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন। নিহত লোকজনৰ নাম মোহন টেৰন (৪০)। নিহত মোহন টেৰনৰ ঘৰ বামুণিৰ কঠাল চাঙত। নিশা আলহী খাই নিজ ঘৰলৈ চাইকেলেৰে উভতি আহি থকাৰ সময়তে হঠাৎ বনৰীয়া হাতীৰ মুখামূখি হয়। হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় মোহন টেৰনৰ।
আনহাতে, আঘাতপ্ৰাপ্ত হয় টেৰনৰ কণমানি পুত্ৰ। কথমপি প্ৰাণ ৰক্ষা পৰে চাইকেল লৈ পিছে পিছে গৈ থকা আন তিনিজন লোকৰো। নিশাই ঘটনাস্থলীত আৰক্ষীৰ লগতে শালনা বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 22, 2023, 10:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।