কোভিড–১৯ত মৃত্যু হোৱা বুলি মৃতদেহ গতাই নিদিলে পৰিয়ালক, প্ৰমাণপত্ৰত পোৱা গ’ল কোভিড–১৯ নিগেটিভ

News18 Assam | News18-Assam
Updated:August 6, 2020, 10:31 AM IST
কোভিড–১৯ত মৃত্যু হোৱা বুলি মৃতদেহ গতাই নিদিলে পৰিয়ালক, প্ৰমাণপত্ৰত পোৱা গ’ল কোভিড–১৯ নিগেটিভ
২ আগষ্টত মাধৱ দত্তৰ মৃত্যু হয়৷ কিন্তু মৃত্যুৰ পিছত স্বাস্থ্য বিভাগৰ কৰ্মকাণ্ডত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক৷

২ আগষ্টত মাধৱ দত্তৰ মৃত্যু হয়৷ কিন্তু মৃত্যুৰ পিছত স্বাস্থ্য বিভাগৰ কৰ্মকাণ্ডত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক৷

  • Share this:
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা মৰাণৰ এজন ৰোগীৰ মৃত্যুৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ ৰোগীজন কোভিড-১৯ত মৃত্যু হোৱা নাই বুলি স্বাস্থ্য বিভাগে পলমকৈ দিয়া প্ৰমাণপত্ৰৰ পিছতে মৰ্মাহত হৈ পৰিছে পৰিয়ালটো ৷ কাৰণ কোভিড-১৯ মৃত্যু হোৱা বুলিয়ে ৰোগীজনৰ মৃতদেহ গতাই দিয়া নহ'ল পৰিয়ালক৷

মৰাণ অভয়পুৰৰ নিবাসী তথা ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ দত্তক যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকাত যোৱা ১৩ জুলাইত ডিব্ৰুগড় AMCHৰ মেডিচিন বিভাগত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে৷ ICU-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা ২২ জুলাইত মাধৱ দত্ত কোভিডত আক্ৰান্ত হোৱা বুলি পৰিয়ালক অৱগত কৰে চিকিৎসালয় কৰ্তৃপক্ষই৷

একেদিনাই নিশা মেডিচিন ৱাৰ্ডৰ পৰা ৰোগীজনক কোভিড ৱাৰ্ডত ভৰ্তি কৰা হয়৷ তাতে যোৱা ২ আগষ্টত মাধৱ দত্তৰ মৃত্যু হয়৷ কিন্তু মৃত্যুৰ পিছত স্বাস্থ্য বিভাগৰ কৰ্মকাণ্ডত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক৷ কোভিড-১৯ত মৃত্যু হোৱা বুলি ৰোগীজনৰ মৃতদেহ গতাই দিয়া নিদিলে পৰিয়ালক৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৎপৰতাত ৰোগীজনৰ মৃতদেহ ডিব্ৰুগড়ৰ এখন শ্মশানতে সৎকাৰ কৰা হয়৷

কিন্তু যোৱা ৪ আগষ্টত পৰিয়ালৰ লোকে লাভ কৰা মৃত্যুৰ প্ৰমাণপত্ৰত মাধৱ দত্তৰ মৃত্যুৰ কাৰণ কোভিড-১৯ নহয় বুলি উল্লেখ থকাত হতভম্ব হৈ পৰিছে ৰোগীজনৰ পৰিয়ালৰ লোক৷ স্বাস্থ্য বিভাগৰ গাফিলতিৰ ফলতে ৰোগীজনৰ কোভিড ৱাৰ্ডত পৰ্যাপ্ত চিকিৎসা নোপোৱাকৈয়ে মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে৷ এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ দাবী জনাইছে মৃত মাধৱ দত্তৰ পুত্ৰই৷
Published by: Sanjay Kumar Das
First published: August 6, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি