
পৰৱৰ্তী সময়ত হোজাইৰ ৰে’ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
পৰৱৰ্তী সময়ত হোজাইৰ ৰে’ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
হোজাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দিল্লীত থকা হোজাই তেলিবস্তিৰ গঙ্গাপ্ৰসাদ চাহু নামৰ লোকজন হোজাইৰ ঘৰলৈ বুলি ২২ তাৰিখে উঠিছিল ৰে’লত। চাহু অহা উজনিমুৱা ৰাজধানী এক্সপ্ৰেছখন পুৱতিনিশা প্ৰায় দুই মান বজাত হোজাই ৰে’লৱে ষ্টেচন অতিক্ৰম কৰিছিল যদিও ৰে’লখনৰ ষ্টপেজ নথকাত চলন্ত ৰে’লৰ পৰা লোকজনে জঁপিয়াই নামিবলৈ লওঁতে মৃত্যুক আঁকোৱালি লয়।
পৰৱৰ্তী সময়ত হোজাইৰ ৰে’ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে সুস্থ শৰীৰে ঘৰলৈ বুলি অহা লোকজন সো–শৰীৰে ঘৰ পোৱাৰ পৰিৱৰ্তে আদবাটত সংঘটিত হোৱা অঘটনৰ বাবে এতিয়া ঘৰখনলৈ নশ্বৰদেহ গৈ পোৱাত ঘৰখনত বিৰাজ কৰিছে এক শোকাকূল পৰিৱেশ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|