আজি অনুষ্ঠিত হৈছিল ভাৰত-পাকিস্তানৰ টী২০ বিশ্বকাপ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিলেও যথেষ্ট ৰোমাঞ্চকৰ আৰু শ্বাসৰুদ্ধকৰ আছিল খেলখন। দীপাৱলীৰ প্ৰাকক্ষণত ভাৰতৰ বিজয় উল্লাসৰ মাজতে সংঘটিত হৈছে এটি শোকাৱহ ঘটনা।
শিৱসাগৰৰ ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত সংঘটিত হৈছে এক অঘটন। ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰি থকাৰ মাজতেই মৃত্যু হয় এজন যুৱকৰ। জানিব পৰা মতে, যুৱকজনৰ নাম বিতু গগৈ। বিতু গগৈৰ শিৱসাগৰৰ গণকপট্টীত।
জানিব পৰা অনুসৰি, ভাৰতে বেটিং কৰি থকা অৱস্থাত, চৰম উত্তেজনাপূৰ্ণ শেষৰটো অভাৰত চকীৰ পৰা উঠি চিঞৰ মাৰিছিল বিতু গগৈয়ে। তাৰপিছত, হঠাৎ বুকুত ধৰি হলৰ ভিতৰতে বহি পৰিছিল যুৱকজন। তাৰপিছত ততাতৈয়াকৈ যুৱকজনক জয়সাগৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বিতু গগৈৰ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা বিতু গগৈয়ে মৃত্যুৰ সময়ত তেওঁৰ ৫ মহীয়া অন্তঃসত্তা পত্নীক এৰি থৈ গৈছে।
Published by: Subham Goswami
FIRST PUBLISHED : October 23, 2022, 22:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।