প্ৰথমে ইনষ্টাগ্ৰামৰ জৰিয়তে এজন যুৱকৰ সৈতে চিনাকি। তাৰ পিছতে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ পিছত হঠাৎ সন্তানসহ সন্ধানহীন হৈ পৰে যোৰহাট নগৰৰ এগৰাকী মহিলা।
কন্যা সন্তানৰ সৈতে পত্নী সন্ধানহীন হোৱাৰ পিছত যোৰহাট নগৰৰ ঢাকাইপট্টিত এজন লোকে চৰম হতাহাত ভুগি আত্মহননৰ পথ বাচি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা ৯ জানুৱাৰীৰ পৰা হঠাৎ সন্ধানহীন হৈছিল মহম্মদ চাবিৰ হুছেইন নামৰ লোকজনৰ পত্নী আৰু কন্যা। তাৰ পিছৰে পৰা পত্নী-কন্যাৰ বিচাৰি কোনো সন্ধান নোপোৱাত হতাশাত ভুগিছিল চাবিৰে।
মৃত চাবিৰৰ আত্মীয়ৰ পৰা জানিব পৰা মতে, ইনষ্টাগ্ৰামৰ জৰিয়তে এজন লোকৰ সৈতে চিনাকি হৈ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল চাবিৰৰ পত্নীয়ে। এই লোকজনেই কন্যাসহ মহিলাগৰাকীক লৈ যোৱাৰ সন্দেহ কৰা হৈছে।
কেইদিনমান পূৰ্বে মহিলাগৰাকীয়ে বহিঃৰাজ্যৰ পৰা বহু বিপদত পৰিছে বুলি ফোন কৰাৰ কথাও জানিবলৈ দিছে আত্মীয়ই।
ইতিমধ্যে যোৰহাট থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দি পত্নী আৰু কন্যা সন্তানক উদ্ধাৰ কৰালৈ বাট চাই ৰৈছিল চাবিৰে। এই ঘটনাৰ পিছত চৰম হতাহাত ভোগা চাবিৰে পত্নী-কন্যাৰ সন্ধান উলিয়াব নোৱাৰি মৃত্যুৰ পথ বাচি লয়। মৃত চাবিৰৰ ঘৰ বিহাৰত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 30, 2023, 14:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|