পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্যকৰ ঘটনা, কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক, মৃত্যু হ’ল স্বামীৰ

অৰ্ধদগ্ধ অৱস্থাত মহিলাগৰাকীক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰথমে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

News18-Assam
Updated:October 24, 2019, 10:26 AM IST
পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্যকৰ ঘটনা, কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক, মৃত্যু হ’ল স্বামীৰ
অৰ্ধদগ্ধ অৱস্থাত মহিলাগৰাকীক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰথমে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
News18-Assam
Updated: October 24, 2019, 10:26 AM IST
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীত নিশা সংঘটিত হয় এক চাঞ্চল‍্যকৰ ঘটনা। এজন লোকে নিজ পত্নীক কেৰাচিন ঢালি জ্বলাই দি নিজেই মৃত্যুক আঁকোৱালি ল’বলগা হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত বাবুল দাস চৌদি নামৰ লোকজনে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছত কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নীক। পত্নীৰ গাৰ পৰা জুই সম্প্ৰসাৰিত হৈ হঠাৎ বাবুলৰ গাত লাগে। জুই নুমুৱাবলৈ ঘৰৰ কাষতে থকা এটা পুখুৰীত জাঁপ দিয়াত সলিলসমাধি ঘটে লোকজনৰ।

আনহাতে, অৰ্ধদগ্ধ অৱস্থাত মহিলাগৰাকীক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰথমে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি GMCHত মৃত্যুৰে যুঁজিছে মহিলাগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি