• Home
  • »
  • News
  • »
  • assam
  • »
  • পৰকীয়া প্ৰেমৰ বাবে নিঃশেষ এটা পৰিয়াল, ৪ বছৰীয়া সন্তান আৰু পত্নীসহ নৈত জাপ দিলে যুৱকে, মৃতদেহ উদ্ধাৰ

পৰকীয়া প্ৰেমৰ বাবে নিঃশেষ এটা পৰিয়াল, ৪ বছৰীয়া সন্তান আৰু পত্নীসহ নৈত জাপ দিলে যুৱকে, মৃতদেহ উদ্ধাৰ

ফেচবুকত এটা পোষ্ট দি কল্যাণ গগৈ নামৰ লোকজনে পত্নী আৰু সন্তানসহ জাপ দিছিল ডিমৌ নৈত।

ফেচবুকত এটা পোষ্ট দি কল্যাণ গগৈ নামৰ লোকজনে পত্নী আৰু সন্তানসহ জাপ দিছিল ডিমৌ নৈত।

ফেচবুকত এটা পোষ্ট দি কল্যাণ গগৈ নামৰ লোকজনে পত্নী আৰু সন্তানসহ জাপ দিছিল ডিমৌ নৈত।

  • Share this:
ডিমৌ নদীৰ বুকুত নিখোঁজ হৈ থকা তিনিজনীয়া পৰিয়ালটোৰ মৃতদেহ উদ্ধাৰ। আজি দ্বিতীয় দিনা SDRF বাহিনীয়ে ডিমৌ নদীত পুনৰ অভিযান চলাই প্ৰথমে কল্যাণ গগৈ আৰু দীপা গগৈৰ মৃতদেহ উদ্ধাৰ কৰাৰ কিছু সময়ৰ পিছতে ৪ বছৰীয়া কন্যা প্ৰিয়দৰ্শিনীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ফেচবুকত এটা পোষ্ট দি কল্যাণ গগৈ নামৰ লোকজনে পত্নী আৰু সন্তানসহ জাপ দিছিল ডিমৌ নৈত। ফেচবুক পোষ্টটোত কল্যাণ গগৈয়ে জিতু তপন শইকীয়া নামৰ এজন লোকৰ পত্নীৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰিছে। এই অবৈধ সম্পৰ্কৰ সুযোগ লৈ স্বামী–স্ত্ৰীয়ে মিলি ১০ লাখ টকা দাবী কৰা বুলি পোষ্টত উল্লেখ কৰা হৈছে। আৰু এই ঘটনাৰ পৰিণতিতে কল্যাণ গগৈয়ে চাৰি বছৰীয়া কন্যা আৰু পত্নীক লগত লৈ জাপ দিয়ে ডিমৌ নৈত।
Published by:Sanjay Kumar Das
First published: